অসম

assam

ETV Bharat / bharat

সৰ্বাধিক স্মাৰ্ট মিটাৰ সংযোগৰ তালিকাৰ শীৰ্ষত অসম - SMART METER CONTROVERSY

দেশত স্থাপন কৰা হৈছে প্ৰায় ৭৩ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ । ২০২৫ চনৰ মাৰ্চৰ ভিতৰত স্থাপন কৰা হ'ব ২৫ কোটি স্মাৰ্ট প্ৰিপেইড মিটাৰ ।

Revamped Distribution Sector Scheme
দেশত ৭৩ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ সংস্থাপন (PTI)

By PTI

Published : Dec 16, 2024, 10:29 PM IST

নেশ্য়নেল ডেস্ক:বিগত কেইবামাহ ধৰি স্মার্ট মিটাৰ সংযোগৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ লগতে প্ৰতিক্ৰিয়া অব্য়াহত আছে । ইয়াৰ মাজতেই বিতৰ্কিত স্মার্ট মিটাৰ সংযোগৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীৰ্ষত থকাৰ তথ্য় প্ৰকাশ পাইছে সংসদৰ মজিয়াত । তথ্য় অনুসৰি নৱেম্বৰ লৈকে দেশত সংস্থাপন কৰা হৈছে প্ৰায় ৭৩ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ । ইয়াৰ ভিতৰত আকৌ ১১ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত 'শূন্য' স্থাপনৰ তথ্য় প্ৰকাশ পাইছে ।

সোমবাৰে সংসদত শক্তি মন্ত্ৰী শ্ৰীপদ নাইকে প্ৰকাশ কৰা তথ্য অনুসৰি, আৰ ডি এছ এছ আঁচনিৰ অধীনত বিভিন্ন ৰাজ্যত 29 নৱেম্বৰলৈকে প্ৰায় 73 লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰা হৈছে । যোৱা ২৯ নৱেম্বৰলৈকে ৬৩.৬৪ লাখ অনুমোদনৰ বিপৰীতে অসমত সৰ্বাধিক ২২,৮৯ লাখ স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে । ইয়াৰ পিছত বিহাৰত ২৩.৫০ লাখ অনুমোদনৰ বিপৰীতে ১৯.৩৯ লাখ ডিভাইচ স্থাপন কৰা হৈছে । তদুপৰি মধ্য প্ৰদেশত 1.29 কোটি অনুমোদনৰ বিপৰীতে 10.13 লাখ মিটাৰ সংস্থাপন কৰা হৈছে । উত্তৰ প্ৰদেশত 2.69 কোটি অনুমোদনৰ বিপৰীতে 3.79 লাখহে সংস্থাপন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

২০২১ চনৰ জুলাই মাহত আৰম্ভ কৰা পুনৰ্নিৰ্মাণ বিতৰণ খণ্ড আঁচনিৰ (আৰ ডি এছ এছ) অধীনত ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰত প্ৰায় ২৫ কোটি স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰা হ'ব । ইয়াৰ বাবে ব্য়য় হ'ব ৩.৩ লাখ কোটি টকা । যোৱা ২৯ নৱেম্বৰলৈকে বিভিন্ন ৰাজ্যত প্ৰায় ১৯.৭৯ কোটি স্মাৰ্ট মিটাৰ আৰু ৭২.৯৭ লাখ ডিভাইচ স্থাপন কৰা হৈছে । ৰাজ্যসভাত এক উত্তৰত ৰাজ্যিক শক্তি মন্ত্ৰী শ্ৰীপদ নাইকে এই তথ্য় সদৰী কৰে ।

স্মাৰ্ট মিটাৰ স্থাপন শূন্য ৰাজ্য় :

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, তামিলনাডু, ত্ৰিপুৰা, ৰাজস্থান আৰু পাঞ্জাৱৰ দৰে ৰাজ্যত স্মাৰ্ট মিটাৰ স্থাপন 'শূন্য' । এই ৰাজ্যসমূহত অনুমোদিত সঁজুলিৰ সংখ্যা ক্ৰমান্বয়ে 3 কোটি,5.47 লাখ, 1.42 কোটি আৰু 87.84 লাখ । শূন্য স্থাপনৰ তালিকাত থকা আন ৰাজ্যকেইখন হৈছে নাগালেণ্ড (অনুমোদিত 3.17 লাখৰ বিপৰীতে), মেঘালয় (4.60 লাখ অনুমোদিত), মিজোৰাম (2.89 লাখ), ঝাৰখণ্ড (13.41 লাখ), কেৰালা (1.32 কোটি) অৰুণাচল প্ৰদেশ (2.87 লাখ) আৰু গোৱা (7.41 লাখ)।

আনহাতে, ২৯ নৱেম্বৰলৈকে আন্দামান আৰু নিকোবৰ আৰু পুডুচেৰীত শূন্য স্থাপন দেখুওৱা হৈছে । এই দুয়োটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ক্ৰমে ৮৩,৫৭৩ আৰু ৪.০৩ লাখ স্মাৰ্ট মিটাৰ অনুমোদন কৰা হৈছিল । উত্তৰাখণ্ডই মুঠ ১৫.৮৭ লাখ স্মাৰ্ট মিটাৰ অনুমোদিত হোৱাৰ বিপৰীতে মাত্ৰ ৭ টা ডিভাইচহে সংস্থাপন কৰিছে ।

লগতে পঢ়ক:অসমৰ গ্ৰামাঞ্চলত সৰ্বাধিক স্মাৰ্ট মিটাৰ সংযোগ: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰ: Smart meter controversy - SMART METER CONTROVERSY

গোলাঘাটৰ শক্তি বিতৰণ কোম্পানী সন্মুখত দ’ম দ’ম স্মাৰ্ট মিটাৰ, কিন্তু কিয় ? - PROTEST AGAINST SMART METER

ABOUT THE AUTHOR

...view details