অগৰতলা : ‘‘ৰাজ্য চৰকাৰে মহিলাসকলৰ স্বাৰ্থত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে ৷ লগতে ৰাজ্যৰ মহিলাসকলৰ প্ৰগতিৰ হকে কাম কৰি আছে ৷’’ সোমবাৰে এই মন্তব্য কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মাণিক সাহাই ৷ লগতে তেওঁ ৰাজ্যৰ ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণে তেওঁলোকৰ বাবে গুণগত শিক্ষা অধিক সুলভ কৰি তুলিব বুলিও কয় ৷
উল্লেখ্য যে, সোমবাৰে আগৰতলাৰ খায়েৰপুৰৰ পল্লীমংগল উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজ্যিক পৰ্যায়ৰ চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ এই অনুষ্ঠানৰ শুভাৰম্ভনি কৰে ড৹ সাহাই । এই অনুষ্ঠানত ২০২২-২৩ শিক্ষাবৰ্ষৰ মুঠ ২৩,৩০০ গৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বিনামূলীয়া চাইকেল বিতৰণ কৰে ৷ যাৰ ব্যয় ১০,০১,৬৬,৭০০ টকা । মুখ্যমন্ত্ৰী ড৹ সাহাই ইয়াক ৰাজ্য চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত বুলিও অভিহিত কৰে ।
- মুখ্যমন্ত্ৰী ড৹ সাহাৰ মন্তব্য -
‘‘১০ কোটি টকা খৰচ কৰি আমি বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰিছো । আমাৰ চৰকাৰী চাকৰিত মহিলাৰ বাবে ৩৩% সংৰক্ষণ, পঞ্চায়তত মহিলাৰ বাবে ৫০% সংৰক্ষণ ৰাখিছো আৰু আমাৰ চৰকাৰে মহিলাৰ বাবে গোলাপী ৰঙৰ শৌচাগাৰৰ (Pink Toilets for women) ব্যৱস্থা কৰিছো ।
ইয়াৰ উপৰিও আমাৰ ৰাজ্য চৰকাৰে মহিলাৰ কল্যাণৰ বাবে বহু আঁচনি আৰম্ভ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় মহিলাৰ বিকাশ আৰু প্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ৷ কাৰণ মহিলা হৈছে জনসংখ্যাৰ প্ৰায় ৫০% । মহাবিদ্যালয়ত ছাত্ৰীৰ বিনামূলীয়া শিক্ষাৰ কথাও আমি ঘোষণা কৰিছো । আমাৰ ৰাজ্যত ৭৫ হাজাৰৰো অধিক লাখপতি বাইদেউ (Lakhpati Didis) আছে । মুঠতে আমাৰ কন্যা আৰু ভগ্নীসকলে প্ৰতিটো দিশতে আগবাঢ়িছে । সঁচাকৈয়ে এটা সুখৰ দিন । আজি সমগ্ৰ ৰাজ্যতে এই চাইকেল বিতৰণ কৰা হৈছে ।”
“ছোৱালীয়ে প্ৰতিটো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাইছে । আমি ছাত্ৰীৰ বাবেও অসংখ্য আঁচনি প্ৰৱৰ্তন কৰিছো আৰু লগতে বিদ্যালয়ৰ আন্তঃগাঁথনিও উন্নয়ন কৰিছো ।’’ এই বুলিও তেওঁ কয় ৷