নেশ্যনেল ডেস্ক, ১৮ আগষ্ট :কলিকতাৰ এগৰাকী মহিলা প্ৰশিক্ষক ডাক্তৰক ধৰ্ষণ আৰু হত্যা কৰা ঘটনাৰ মাৰ নৌযাওঁতেই ডেৰাডুনত ঘংঘটিত হৈছে তেনে এক অনুৰূপ ঘটনা ৷ জানিব পৰা মতে, ডেৰাডুনৰ আই এছ বি টিত বাছত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰে ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ভুক্তভোগী কিশোৰীগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল ৷
শিশু কল্যাণ সমিতিৰ দলে আই এছ বি টিৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ সময়তে পোহৰলৈ আহিছে এই ঘটনাটো । কাউন্সেলিঙৰ অন্তত শনিবাৰে কমিটীয়ে কোটোৱালি পেটেল নগৰৰ আই এছ বি টি পোষ্ট আৰক্ষী চকীত অচিনাকি অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰে । আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :নাৰীৰ সুৰক্ষাৰ বাবে পশ্চিমবংগত মুকলি ‘ৰাত্ৰিৰেৰ সাথী’ - Kolkata Doctor Rape murder
- কিশোৰীগৰাকীক অতি বেয়া অৱস্থাত উদ্ধাৰ কৰা হয় :
তথ্য অনুসৰি মুৰাদাবাদৰ পৰা উত্তৰ প্ৰদেশৰ ৰোডৱেজ বাছত উঠিছিল ১৬ বছৰীয়া কিশোৰী । ১৩ আগষ্টৰ পুৱা প্ৰায় ২.৩০ বজাত তেওঁ আই এছ বি টি ডেৰাডুনত উপস্থিত হয় । অভিযোগ অনুসৰি বাছখন খালী হোৱাৰ পিছত প্ৰায় পাঁচজন লোকে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে ৷ তাৰ পাচত অভিযুক্তই কিশোৰীগৰাকীক বাছৰ পৰা উলিয়াই লৈ যায় ।
শিশু কল্যাণ সমিতিৰ হেল্পলাইন দলে আই এছ বি টিৰ বাহিৰত কিশোৰীগৰাকীক অতি দুখলগা অৱস্থাত উদ্ধাৰ কৰে । তাৰ পাচতে কমিটীৰ আগত ভুক্তভোগী কিশোৰীগৰাকীয়ে সকলো কথা বৰ্ণনা কৰে । ইয়াৰ পাচতে শনিবাৰে নিশা আই এছ বি টি পোষ্টত উপস্থিত হৈ কমিটীৰ সদস্যসকলে ঘটনা সন্দৰ্ভত অৱগত কৰে ।