নেশ্য়নেল ডেস্ক, ৯ মাৰ্চ :উত্তৰ প্ৰদেশৰ গোৰখপুৰ চহৰৰ প্ৰযুক্তি আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ বি-টেক শিক্ষাৰ্থী কেইগৰাকীমানে এবিধ এনেধৰণৰ কাণফুলি প্ৰস্তুত কৰিছে যিয়ে মহিলাসকলৰ সৌন্দৰ্য বৃদ্ধিৰ লগতে প্ৰয়োজনত তেওঁলোকক সুৰক্ষাও প্ৰদান কৰিব । এ আইৰ প্ৰথম বৰ্ষৰ বি-টেক চাৰিগৰাকী শিক্ষাৰ্থী আফৰিন খাতুন, উম্মে হাবিবা, ৰিয়া সিং আৰু ফায়া নুৰীয়ে উদ্ভাৱন কোষৰ সমন্বয়ক বিনীত ৰায়ৰ নেতৃত্বত মহিলাসকলৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য় ৰাখি এইবিধ ব্লুটুথ কাণফুলি প্ৰস্তুত কৰিছে । এইবিধ কাণফুলি মহিলাই ব্লুটুথ কাণফুলি হিচাপে ব্যৱহাৰ কৰাৰ উপৰি সময়ত কাণফুলিবিধকেই অস্ত্ৰ হিচাপে ব্য়ৱহাৰ কৰিব পাৰিব ।
এইবিধ ব্লুটুথ কাণফুলি প্ৰস্তুত কৰা শিক্ষাৰ্থীসকলে কয় যে মহিলাসকলে ধুনীয়া দেখাবলৈ মেকআপ আৰু গহনা বহুত ব্যৱহাৰ কৰে । এই কাণফুলিবধেও সেই কাৰ্যই সম্পাদন কৰিব । এইবিধ ব্লুটুথ কাণফুলি অসামাজিক কাৰ্যৰ পৰা মহিলাগৰাকীক সুৰক্ষা প্ৰদানত সহায় কৰিব । আইটিএম বি-টেক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে দুসপ্তাহৰ কঠোৰ পৰিশ্ৰমৰ পিছত এই কাণফুলিবিধ প্ৰস্তুত কৰি উলিয়াইছে । এইবিধ কাণফুলিয়ে ম'বাইলৰ ব্লুটুথৰ সৈতে কাম কৰে আৰু আৰক্ষী আৰু পৰিয়াললৈ জৰুৰীকালীন কল আৰু অৱস্থান প্ৰেৰণ কৰিব পাৰিব । তেওঁলোকে পুনৰ কয় যে এয়া সময়ত বন্দুকৰ দৰেও কাম কৰিব । প্ৰয়োজনত জলকীয়াৰে গুলী মাৰিব পাৰিব । এই কাণফুলিবিধৰ সহায়ত মহিলাসকলৰ প্ৰতি উৎপীড়ন সংখ্য়াও হ্ৰাস কৰিব পৰাটো সম্ভৱ হ'ব বুলি কয় ।