নেশ্যনেল ডেস্ক,৭ ছেপ্টেম্বৰ:আজি পৱিত্ৰ গণেশ চতুৰ্থী । সমগ্ৰ দেশতে বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ । ভিন্ন আকৃতিৰ গণপতি মূৰ্তিয়ে আকৰ্ষণ কৰিছে ভক্তক । ইয়াৰ মাজতে এটা বিশেষ গণেশৰ মূৰ্তিয়ে পাইছে সমাদৰ । পৰিৱেশ অনুকুল গণেশৰ মূৰ্তিটোক কেন্দ্ৰ কৰি চলিছে চৰ্চা । কিয়নো গণপতি বিসৰ্জ্জনৰ পিছতো সমাদৰ থাকিব এই বিশেষ মূৰ্তিটোৰ ।
কৰ্ণাটকৰ বেলাগাভিৰ এগৰাকী শিল্পীয়ে গণেশৰ এই মূৰ্তি তৈয়াৰ কৰি বিশেষ চৰ্চা লাভ কৰিছে । ৮ ফুট ওখ আৰু ৪ ফুট বহল গণেশৰ মূৰ্তিটোৰ সমাদৰ বিসৰ্জ্জনৰ পাছতো অব্যাহত থাকিব বুলি বিশ্বাসী শিল্পীগৰাকী । তেঁতেলীৰ বীজেৰে বেলাগাভিৰ শিল্পীগৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে গণেশৰ মূৰ্তিটো । যাতে বিসৰ্জনৰ পাছত তেঁতেলীৰ বীজেৰে একো একোটা তেঁতেলীৰ পুলি বিকশিত হয় ।
পৰিৱেশ-অনুকূল গণেশ মূৰ্তি নিৰ্মাণৰ বাবে জনাজাত পুৰণি গান্ধী নগৰৰ এগৰাকী ভাস্কৰ্যশিল্পী সুনীল সিদ্ধাপ্পা আনন্দচে তেঁতেলীৰ বীজৰে গণেশৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে । বিগত বছৰত ৰুদ্ৰাক্ষৰে গণেশ মূৰ্তি নিৰ্মাণ কৰা সুনীলে এইবাৰ এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে । পুনৰ ব্যৱহাৰযোগ্য বাতৰি কাকত আৰু কাৰ্ডবোৰ্ড, ঘাঁহ আৰু লক্ষাধিক তেঁতেলীৰ বীজ ব্যৱহাৰ কৰি এটা সুন্দৰ ৮ ফুট ওখ গণেশ মূৰ্তি নিৰ্মাণ কৰিছে শিল্পীগৰাকীয়ে ।
২ লাখ ২১ হাজাৰ তেঁতেলীৰ বীজ ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে গণেশৰ মূৰ্তিটো:
সুনীলে প্ৰায় ২ লাখ ২১ হাজাৰ ১১১ টা তেঁতেলীৰ বীজ ব্যৱহাৰ কৰি এই গণেশ মূৰ্তিটো তৈয়াৰ কৰে । ৩৫,০০০ টকা ব্যয় কৰি এমাহৰ ভিতৰত তেওঁৰ পৰিয়াল আৰু চুবুৰীয়াসকলৰ সহযোগত এই মূৰ্তিটো তৈয়াৰ কৰিছিল, যাৰ বাবে তেওঁৰ দৈনন্দিন কামৰ পৰা কেইবাঘণ্টাও ক্ষতি হৈছিল ।