নতুন দিল্লী :কানাডাত খালিস্তানী নেতাৰ হত্যাত ভাৰত জড়িত থকাৰ অভিযোগৰ পিছৰে পৰা ভাৰত আৰু কানাডাৰ সম্পৰ্কৰ যথেষ্ট অৱনতি হৈছে । ইয়াৰ মাজতে বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে বুধবাৰে ভাৰত-কানাডা সম্পৰ্কৰ বিষয়ে সংসদীয় পেনেলক অৱগত কৰাৰ সম্ভাৱনা আছে ।
ভাৰত-কানাডা সম্পৰ্ক
উল্লেখ্য যে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰতীয় শীৰ্ষ বিষয়াসকলক নিজ্জাৰ হত্যাত জড়িত থকাৰ অভিযোগৰ পিছতে কানাডাৰ সৈতে ভাৰতৰ সম্পৰ্ক প্ৰভাৱিত হৈছে । ইতিমধ্যে কানাডাৰ অভিযোগ অস্বীকাৰ কৰি আহিছে ভাৰতে ।
কানাডাৰ উপ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডেভিদ মৰিছনে মঙলবাৰে পুনৰ অভিযোগ কৰে যে গৃহমন্ত্ৰী অমিত শ্বাহে কানাডাত শিখ বিচ্ছিন্নতাবাদীসকলক লক্ষ্য কৰি হিংসা, ভাবুকি আৰু চোৰাংচোৱা সংগ্ৰহৰ এক অভিযানৰ নিৰ্দেশ দিছিল । অৱশ্যে এই অভিযোগ ভাৰতে অযৌক্তিক আৰু ভিত্তিহীন বুলি খাৰিজ কৰিছে ।
কানাডাত খালিস্তান পন্থী উপাদানবোৰক স্থান দিয়া বিষয়টো ভাৰতে দুয়োখন দেশৰ মাজৰ আলোচনাৰ মূল বিষয় হিচাপে জোৰ দি আহিছে । দুয়োখন দেশৰ সম্পৰ্ক ইমানে অৱনমিত হৈছে ইতিমধ্যে উভয় পক্ষই কেইবাগৰাকী কূটনৈতিক বিষয়াক বহিষ্কাৰ কৰিছে ।