অসম

assam

ETV Bharat / bharat

গিনীজ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ বগালে ৭০,৬৭৯ টা চিৰি - Guinness World Record - GUINNESS WORLD RECORD

STAIR CLIMBING RECORD : সেনাবাহিনীৰ প্ৰাক্তন কমাণ্ডো হিম্মত সিং ৰাথোৰে ২৪ ঘণ্টাৰ ভিতৰত সৰ্বাধিক উলম্ব উচ্চতাৰ চিৰি বগাই যোৱাৰ বিশ্ব অভিলেখ ভংগ কৰে ৷ তেওঁ ২৪ ঘণ্টাৰ কম সময়ৰ ভিতৰতে ৭০,৬৭৯টা চিৰি বগাই ৷

STAIR CLIMBING RECORD
উলম্ব উচ্চতাৰ চিৰি বগাই যোৱাৰ বিশ্ব অভিলেখ ভংগ (ETV BHARAT)

By ETV Bharat Assamese Team

Published : May 12, 2024, 5:15 PM IST

নেশ্যনেল ডেস্ক, 12 মে’: সেনাবাহিনীৰ এজন প্ৰাক্তন কমাণ্ডো হিম্মত সিং ৰাথোৰে 24 ঘণ্টাৰ ভিতৰত সৰ্বাধিক উলম্ব উচ্চতাৰ চিৰি বগোৱাৰ বিশ্ব অভিলেখ ভংগ কৰা বুলি দাবী কৰিছে আৰু এতিয়া তেওঁৰ নাম গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য ৰাখিছে ৷

জয়পুৰত সোমবাৰে (6 মে’) সন্ধিয়া 5.30 বজাৰ পৰা আৰম্ভ কৰি মঙলবাৰে (7 মে’) সন্ধিয়া 5.22 বজাত 24 ঘণ্টাৰো কম সময়ৰ ভিতৰতে 70,679 টা চিৰি বগাইছিল তেওঁ ৷ জয়পুৰৰ 20 মহলীয়া অট্টালিকাৰ চিৰিৰ 161 টা ৰাউণ্ড কৰি তেওঁ এই অভিলেখ গঢ়ে ৷ বৰ্তমানৰ গিনীজ ৱৰ্ল্ড ৰেকৰ্ড বিজয়ী স্পেইনৰ খ্ৰীষ্টিয়ান ৰবাৰ্ট লোপেজ ৰড্ৰিগজে 2023 চনৰ 1 জুলাইত 70,242 টা চিৰি (18.713 কিলোমিটাৰ) বগাইছিল ৷

হিম্মতৰ (নামটোৰ অৰ্থ হিন্দীত সাহস) এই কৃতিত্ব স্থানীয় চৰকাৰী বিদ্যালয় এখনৰ শাৰীৰিক শিক্ষাৰ শিক্ষকৰ এটা দলে নিৰীক্ষণ কৰিছিল ৷ শাৰীৰিক শিক্ষক সন্তোষ ৰাথোৰে কয় যে সিঙে সময়ৰ আগতেই এই অভিলেখ ভংগ কৰিছিল ৷

সন্তোষ ৰাথোৰে কয়- "তেওঁ চিৰি বগাই যোৱাৰ সমগ্ৰ কৃতিত্ব কেমেৰাত ৰেকৰ্ড কৰা হৈছিল ৷ এতিয়া এই সকলোবোৰ ৰেকৰ্ড বুকত তেওঁৰ নাম প্ৰমাণিত আৰু যোগ কৰিবলৈ গিনীজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ'ব ৷ আমি নিশ্চিত যে 24 ঘণ্টাৰ ভিতৰত আটাইতকৈ বেছি চিৰি বগোৱাৰ অভিলেখ জয়পুৰৰ হিম্মত সিঙৰ নামত হ'ব ৷"

চলিত বৰ্ষৰ মাৰ্চ মাহত, হিম্মতে জয়পুৰৰ খতিপুৰা পুলিয়াত 86,400 খোজ (43,200 উঠা আৰু 43,200 নমা) ৰ পিচত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত তেওঁৰ নাম লিপিবদ্ধ কৰিছিল আৰু মাত্ৰ 19 ঘণ্টা, 46 মিনিট আৰু 16 ছেকেণ্ডত েই প্ৰত্যাহ্বান সম্পূৰ্ণ কৰিছিল ৷ তেতিয়াই তেওঁ গিনীজ ৱৰ্ল্ড ৰেকৰ্ডত এটা স্থান ল'বলৈ মন স্থিৰ কৰিছিল ৷

ই টি ভি ভাৰতৰ সৈতে মত বিনিময় কৰি হিম্মত সিঙে কৈছিল যে তেওঁ 1 লাখ চিৰি বগাবলৈ পৰিকল্পনা কৰিছিল, কিন্তু গৰম বতৰৰ বাবে এই ক্ষেত্ৰত বাধা আহি পৰে আৰু ৰড্ৰিগজৰ অভিলেখ ভংগ কৰাৰ পিচত তেওঁ নিজৰ প্ৰচেষ্টা বন্ধ কৰিব লগা হৈছিল ৷

তেওঁ কয় যে, ৰেকৰ্ড তৈয়াৰ কৰাৰ উদ্দেশ্য আছিল যুৱকসকলক ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ বাৰ্তা দিয়া ৷ তেওঁ কয়- "আজিৰ যুগত, আনকি 15 বা 16 বছৰীয়া কিশোৰ-কিশোৰীসকলেও ড্ৰাগছ সেৱন কৰে আৰু জীৱনৰ কোনো উদ্দেশ্য নাই ৷ সেই কিশোৰসকলক অনুপ্ৰাণিত কৰিব লাগে যে যেতিয়া এজন 40 বছৰীয়া ব্যক্তিয়ে এজন 32 বছৰীয়া ব্যক্তিৰ অভিলেখ ভংগ কৰিব পাৰে, তেতিয়া তেওঁলোকেও যিকোনো কাম কৰিব পাৰে ৷" তেওঁ কৌতুক কৰি লগতে কয়- "ৰাজস্থানী উট আৰু এজন ভাৰতীয় সৈনিক কেতিয়াও বৃদ্ধ নহয় ৷"

লগতে পঢ়ক :মেঘালয় তথা উঃপূবৰ প্ৰথমগৰাকী মহিলা আৰক্ষী সঞ্চালক প্রধান হিচাপে নিযুক্তি ইদাশীষা নংৰাঙক - First Woman DGP Of Meghalaya

ABOUT THE AUTHOR

...view details