অসম

assam

ETV Bharat / bharat

দীপাৱলীৰ প্ৰাকক্ষণত ভয়ংকৰ বিস্ফোৰণ; ১৫০ৰো অধিক লোক আহত - KERALA FIREWORKS ACCIDENT

মন্দিৰত আয়োজিত উৎসৱৰ সময়তে আতচবাজীৰ গুদামত বিস্ফোৰণ । আহতসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক ।

Theru Anhoottambalam Temple
দীপাৱলীৰ প্ৰাকক্ষণত ভয়ংকৰ বিস্ফোৰণ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 11:21 AM IST

কেৰালা:দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন বাকী আছে । তাৰ প্ৰাকক্ষণত কেৰালাৰ কাছাৰগোড জিলাত ভয়ংকৰ বিস্ফোৰণ । জিলাখনৰ নীলেশ্বৰমৰ সমীপত এটা মন্দিৰত আয়োজিত উৎসৱৰ সময়তে আতচবাজীৰ গুদামত বিস্ফোৰণ হয় । য'ত ৮ গৰাকী লোক গুৰুতৰভাৱে আহত হয় । আনহাতে বিস্ফোৰণটোত ১৫০ৰো অধিক লোক আহত হয় । ঘটনাটো নীলেশ্বৰমৰ থেৰু অনুত্তম্বালাম মন্দিৰত সংঘটিত হয় । আহত লোসকলক কাছাৰাগোড, কান্নুৰ আৰু মেংগালুৰুৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

স্থানীয় লোকসকলৰ মতে ফটকা ফুটাৰ পিছতে তাৰ জুইৰ ফিৰিঙতি অতিৰিক্ত আতচবাজী থকা এটা গুদামত পৰে । যাৰ ফলত এক বৃহৎ বিস্ফোৰণ হয় । ইফালে আহতসকলৰ বেছিভাগেই মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে ।

মন্দিৰ পৰিচালনা সমিতিৰ সদস্যক আটক

ঘটনাৰ পিছতে উক্ত স্থানত উপস্থিত হয় জিলা উপায়ুক্ত, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল । নীলেশ্বৰম আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু সচিব আৰু সভাপতিকে ধৰি মন্দিৰৰ কেইবাগৰাকী সদস্যক আটক কৰিছে । আৰক্ষীয়ে জনোৱা মতে আতচবাজী প্ৰদৰ্শনৰ অনুমতি অবিহনে এই কাম কৰা হৈছিল আৰু সাৱধানতা অৱলম্বন কৰা হোৱা নাছিল ।

মন্দিৰ পৰিচালনা সমিতিৰ এগৰাকী প্ৰাক্তন বিষয়াই ইটিভি ভাৰতক কয় যে চেৰুভাতুৰ আৰু কিনানুৰকে ধৰি দূৰৱৰ্তী অঞ্চলৰ লোকসকল উৎসৱৰ বাবে সমবেত হৈছিল । তেওঁ উল্লেখ কৰে যে তাত সাধাৰণতে বৃহৎ পৰিমাণৰ আতচবাজী ফুটুৱা নহয় আৰু এই ঘটনা এক অপ্ৰত্যাশিত আছিল ।

প্ৰত্যক্ষদৰ্শীৰ মতে যিসকল দূৰত থিয় হৈ আছিল তেওঁলোকে প্ৰথমতে বিস্ফোৰণৰ পৰিমাণৰ অনুমান কৰিব পৰা নাছিল । ইফালে এই ঘটনাৰ পিছত মন্দিৰৰ দুদিনীয়া কাৰ্যসূচীৰ বাকী থকা সকলো উৎসৱ বাতিল কৰা হয় ।

লগতে পঢ়ক :মহানগৰীৰৰ ফটকাৰ দোকানত জুই; ভস্মীভূত কেবাখনো বাহন

ABOUT THE AUTHOR

...view details