নিউজ ডেস্ক, ২৩ মে’: কন্যা জীৱিত থকা অৱস্থাতে এজন পিতৃয়ে নিজে ছপা কৰিলে মৃতকৰ স্মৰণিকা । কেৱল এয়াই নহয়, পৰিয়ালটোৱে তেওঁলোকৰ কন্য়াৰ মৃত্যু হোৱা বুলি প্ৰেতকৰ্ম কৰাৰ লগতে ব্ৰত পালনো কৰিছে । ঘৰৰ পৰা পলাই গৈ অসবৰ্ণ বিবাহত কৰাৰ বাবেই যুৱতীগৰাকীৰ পিছতে পিতৃয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ।
জীৱিত কন্যাক মৃত হিচাপে গণ্য পিতৃৰ: দৰাচলতে দুমাহ আগতে যুৱতীগৰাকীয়ে অন্য সম্প্ৰদায়ৰ প্ৰেমিকৰ সৈতে পলাই গৈ বিয়া পাতিছিল । যেতিয়া আৰক্ষীয়ে তেওঁক আনি মাক-দেউতাকৰ সন্মুখত হাজিৰ কৰে, তেতিয়া যুৱতীগৰাকীয়ে তেওঁলোকক চিনি পোৱাৰ কথা অস্বীকাৰ কৰে । এই কথাত যুৱতীগৰাকীৰ পিতৃয়ে ইমানেই আঘাত পাইছিল যে তেওঁ নিজৰ ছোৱালীজনীক মৃত বুলি গণ্য কৰিছিল ।
পিতৃয়ে চপা কৰিলে মৃতকৰ স্মৰণিকা:পিতৃয়ে এখন স্মৰণিকা ছপা কৰি তাত ২২ মে’ত কন্যাৰ আদ্যশ্ৰাদ্ধ বুলি উল্লেখ কৰি আত্মীয়-স্বজনক উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায় । বুধবাৰে পিতৃকে ধৰি পৰিয়ালৰ পুৰুষসকলে মুণ্ডন কৰি মৃতকৰ ভোজৰ আয়োজন কৰে । পৰিয়ালটোক সান্ত্বনা দিবলৈ বহু আত্মীয়ও সমবেত হয় ।
পৰিয়ালৰ সদস্যৰ বেদনা: পৰিয়ালৰ লোকে কয় যে যিগৰাকী ছোৱালীক তেওঁলোকে মৰমেৰে ডাঙৰ-দীঘল কৰিছিল, আমাক অৱগত নকৰাকৈয়ে তেওঁ ইমান ডাঙৰ পদক্ষেপ ল’লে । আমাক লগ পোৱাৰ পিছত যেতিয়া তেওঁ চিনি নাপাওঁ বুলি কৈছিল, আমি সেইটো পাহৰিব পৰা নাছিলো । সেয়েহে সমগ্ৰ পৰিয়ালে এই পদক্ষেপ ল’বলগীয়া হ’ল । বৰ্তমান আৰক্ষী বিষয়টোৰ তদন্ত কৰিছে । ছোৱালীজনীৰ মাক-দেউতাকে কয় ‘‘যেতিয়াৰ পৰা আমাৰ ছোৱালীয়ে আমাক চিনিবলৈ অস্বীকাৰ কৰিলে, তেতিয়াৰ পৰা তাই আমাৰ বাবে মৰি গৈছে ।’’