নিউজ ডেস্ক, ২৯ জানুৱাৰী :ভাৰতৰ নিৰ্বাচন আয়োগে সোমবাৰে ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে । এই নিৰ্বাচন ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু ভোটগণনাও একেদিনাই অনুষ্ঠিত হ'ব ।
নিৰ্বাচন আয়োগৰ জাননী অনুসৰি, ইয়াৰ বাবে মনোনয়ন দাখিল পৰ্ব ৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব । "১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ১৫ ফেব্ৰুৱাৰী । আনহাতে, মনোনয়ন পত্ৰৰ পৰীক্ষা পিছদিনা অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ।" নিৰ্বাচন আয়োগে জাননীখনত কয় ।
আনহাতে, নিৰ্বাচন আয়োগে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২০ ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰিছে । "অহা ২৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ দেশৰ উচ্চ সদনৰ ৫৬ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু একেদিনাই সন্ধিয়া ৫ বজাত ভোটগণনা অনুষ্ঠিত হ'ব ।" নিৰ্বাচন আয়োগৰ জাননীত লগতে কোৱা হৈছে ।