নতুন দিল্লী : অপেক্ষা আৰু কিছু সময় ৷ আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব ২০২৫ ৰ দিল্লী বিধানসভা নিৰ্বাচনৰ সময়সূচী ৷ ৰাজধানী দিল্লীৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিবলৈ মঙলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে দুখনকৈ সংবাদমেল অনুষ্ঠিত কৰিব । এই সংবাদমেলখন বিজ্ঞান ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব । ২৩ ফেব্ৰুৱাৰীত ৭০ জনীয়া সদস্যৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল সমাপ্ত হ’ব ।
উল্লেখ্য যে, পৰম্পৰাগতভাৱে দিল্লীত বিধানসভা নিৰ্বাচন একক পৰ্যায়ত অনুষ্ঠিত হৈ আহিছে । ২০২০ৰ বিধানসভা নিৰ্বাচনত আপে ৭০খন আসনৰ ভিতৰত ৬২খন আৰু বিজেপিয়ে ৮খন আসন লাভ কৰিছিল ।
ইয়াৰ পূৰ্বে সোমবাৰে নিৰ্বাচন আয়োগে দিল্লীৰ বাবে নতুন সংশোধিত ভোটাৰ তালিকা প্ৰকাশ কৰে । শেহতীয়া তথ্য অনুসৰি যোৱা দুমাহত দিল্লীৰ ভোটাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । ২০২৪ চনৰ অক্টোবৰ মাহত মুঠ ভোটাৰৰ সংখ্যা আছিল ১,৫৩,৫৭,৫২৯ গৰাকী । কিন্তু পুনৰীক্ষণৰ অন্তত এই সংখ্যা ১,৫৫,২৪,৮৫৮ লৈ বৃদ্ধি পাইছে, য’ত ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত ১,৬৭,৩২৯ গৰাকী নতুন ভোটাৰ অন্তৰ্ভুক্ত কৰা হৈছে । ইতিমধ্যে নিৰ্বাচন আয়োগে নতুন ভোটাদাতাৰ ক্ষেত্ৰত ভুৱা পৰিচয় পত্ৰ দাখিল নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে ।
লাভ কৰা তথ্য মতে, আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দাবী কৰিছিল যে নতুন দিল্লীৰ বিধানসভাৰ আসনৰ বাবে ভোটাৰ সংযোজন আৰু অপসাৰণৰ ক্ষেত্ৰত "বৃহৎ পৰিসৰত" জালিয়াতি আৰু অনিয়ম সংঘটিত হৈছে । Xৰ এটা পোষ্টত কেজৰিৱালে মুখ্যমন্ত্ৰী আতিশীক দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰৰ উদ্ধৃতি দিছিল । দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে CEC (Chief Election Commissioner of India) লৈ পত্ৰ লিখি প্ৰমাণ দাখিল কৰাৰ লগতে সাক্ষাৎ কৰিবলৈ সময় বিচাৰিছে ৷