তেজপুৰ, ১৩ ফেব্ৰুৱাৰী :দেশৰ সংসদ দখলৰ ৰণৰ ৰণডংকা ইতিমধ্যে বাজি উঠিছে । মাজত মাত্ৰ প্ৰায় দুটা মাহ থকা অৱস্থাত দেশৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে দেশৰ সকলো ৰাজনৈতিক দল । আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ । বিশ্বৰ ভিতৰতে সংসদীয় গণতান্ত্ৰিক পদ্ধতিত বিৰল ভাৰতৰ নিৰ্বাচন । প্ৰতি ৫ বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই নিৰ্বাচনক লৈ বৰ্তমান ব্যস্ত শাসক-বিৰোধী দলৰ নেতা-কৰ্মীসকল । কিছুদিনৰ ভিতৰতে নিৰ্বাচন আয়োগে ঘোষণা কৰিব দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ।
কিন্তু কি এই নিৰ্বাচন পদ্ধতি ? দেশৰ নিৰ্বাচন পদ্ধতি পূৰ্বতে কেনে আছিল ?
জানিবলগীয়া কথাটো হৈছে যে নিৰ্বাচন আয়োগ হৈছে ভাৰতৰ ফেডাৰেল সংস্থা, যিটো সংবিধানৰ বিধান অনুসৰি প্ৰণয়ন কৰা হয় । ভাৰতৰ সকলো নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰীক্ষণ আৰু প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰে নিৰ্বাচন আয়োগে । এই সংস্থাটোৱে কোনো পক্ষপাতিত্ব নোহোৱাকৈ মুক্ত আৰু ন্যায্য নিৰ্বাচন হোৱাটো নিশ্চিত কৰাৰ দায়িত্বও লয় । নিৰ্বাচনে সদস্যসকলৰ নিৰ্বাচনৰ পূৰ্বে, নিৰ্বাচনৰ সময়ত আৰু নিৰ্বাচনৰ পিছৰ পৰিচালনা বিধিগত আইন অনুসৰি হোৱাটো নিশ্চিত কৰে । নিৰ্বাচন সম্পৰ্কীয় সকলো বিবাদ নিৰ্বাচন আয়োগে চম্ভালে ।
ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে য'ত প্ৰণয়ন কৰা আইনসমূহে নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিমাত বা অপৰ্যাপ্ত ব্যৱস্থা কৰে, তেনেক্ষেত্ৰত নিৰ্বাচন আয়োগৰ সংবিধানৰ অধীনত উপযুক্তভাৱে কাম কৰাৰ অৱশিষ্ট ক্ষমতা আছে । বৰ্তমান ২০২৪ চনৰ সংসদীয় নিৰ্বাচন তথা সাধাৰণ নিৰ্বাচন (লোকসভা) সমাগত । এই নিৰ্বাচনত লোকসভাৰ (হাউছ অব দ্য পিপ'ল) বা ভাৰতৰ সংসদৰ নিম্ন সদনৰ সদস্যসকলক ভাৰতৰ সকলো প্ৰাপ্তবয়স্ক নাগৰিক, যিসকলে ১৮ বছৰ অতিক্ৰম কৰিছে, তেওঁলোকে ভোটদান কৰি নিজ নিজ সমষ্টিত থিয় দিয়া প্ৰাৰ্থীৰ পৰা উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰে ।
ভাৰতৰ প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক নাগৰিকে কেৱল নিজৰ সমষ্টিতহে ভোটদান কৰিব পাৰে । লোকসভা নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীক 'সংসদৰ সদস্য' বুলি কোৱা হয় আৰু মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে সংসদ ভংগ ঘোষণা নকৰালৈকে নিজৰ আসনত অধিষ্ঠিত থাকে । সাধাৰণ নিয়মমতে, প্ৰতি ৫ বছৰত এবাৰ নিৰ্বাচন অনুষ্ঠিত কৰি লোকসভাৰ (নিম্ন সদন) বাবে ৫৪৩ গৰাকী সদস্য নিৰ্বাচন কৰা হয় । নিৰ্বাচন আয়োগ ভাৰতৰ স্বতন্ত্ৰ নিৰ্বাচন আয়োগ, ই দেশৰ সংবিধানৰ এক উপহাৰ । মুক্ত, ন্যায্য আৰু বিশ্বাসযোগ্য নিৰ্বাচন ভাৰতায় নিৰ্বাচন আয়োগৰ দ্বাৰা পৰিচালিত হয় । সেইবাবেই আয়োগে সম্পূৰ্ণ নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰে ।
নিৰ্বাচনত অপৰাধ প্ৰৱণতা :নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ নৈতিকতা অতি জৰুৰী । প্ৰতিটো ৰাজনৈতিক দলৰ নিষ্ঠা নিৰ্বাচনত প্ৰয়োগ হোৱাটো অতি প্ৰয়োজনীয় কথা । কাৰণ ৰাজনৈতিক দলসমূহে এক সুস্থ নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰে । উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে ৰাজনৈতিক দলৰ নেতাসকলৰ অপৰাধত জড়িত থকাটো পোহৰলৈ আনে নিৰ্বাচনৰ সময়ত দাখিল কৰা শপতনামাৰ জৰিয়তে । শপতনামাত এই বিষয়ে উল্লেখ থাকিব লাগে যদিও দেশৰ নিৰ্বাচনত বহু সময়ত বহু বহুবলী ৰাজনৈতিক নেতাৰ অপৰাধৰ ছবি পলমকৈ হ'লেও পোহৰলৈ অহাৰ উদাহৰণ আছে । পূৰ্বৰ তুলনাত নিৰ্বাচন ব্যৱস্থা শেহতীয়াকৈ বৰ জটিল হোৱা দেখা পোৱা গৈছে । এই ক্ষেত্ৰত নিৰ্বাচন আয়োগ সদায় সতৰ্ক হোৱাৰ প্ৰয়োজন, যাতে এক মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যায় । যদি এইটো সম্ভৱ হৈ নুঠে তেতিয়াহ'লে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো অকামিলা হৈ পৰিব ।