অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত অস্ত্ৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, নিহত ৮ - ORDNANCE FACTORY EXPLOSION

শুকুৰবাৰে পুৱা প্ৰায় ১০.৩০ বজাত কাৰখানাটোত সংঘটিত বিস্ফোৰণত আঠজন লোকৰ মৃত্যু হয়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে এই ঘটনাত শোক প্ৰকাশ কৰিছে ।

Ordnance Factory Explosion
মহাৰাষ্ট্ৰত অস্ত্ৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ (PTI)

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 8:48 PM IST

ভাণ্ডাৰা :শুকুৰবাৰে মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাৰ এটা অস্ত্ৰ কাৰখানাত এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এই বিস্ফোৰণৰ ফলত কমেও আঠজন লোক নিহত হোৱাৰ উপৰি আন ৭ জন লোক আহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নাগপুৰত সাংবাদিকৰ আগত কয়, "এটা দুখজনক ঘটনা সংঘটিত হৈছে । প্ৰাথমিক তথ্য অনুসৰি, বিস্ফোৰণটোত সাতজন লোক আহত হৈছে ।" জিলাখনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে বিস্ফোৰণৰ ফলত কাৰখানাটোৰ চালখন খহি পৰে। ঘটনাস্থলীত অনুসন্ধান আৰু উদ্ধাৰ অভিযান লগে লগে আৰম্ভ কৰা হয় ।

অৱশ্যে ভাণ্ডাৰা জিলা উপায়ুক্ত সঞ্জয় কোলটে কয় যে মাত্ৰ চাৰিটা মৃতদেহহে পোৱা গৈছে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাণ্ডাৰাৰ এটা অস্ত্ৰ কাৰখানাত সংঘটিত বিস্ফোৰণৰ ঘটনাত তেওঁ গভীৰভাৱে দুখিত । ৰাজনাথ সিঙে কয় যে বিস্ফোৰণস্থলীত উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে আৰু ক্ষতিগ্ৰস্ত লোকসকলক সহায় আগবঢ়োৱাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে ।

"মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাৰ অস্ত্ৰ কাৰখানাত সংঘটিত বিস্ফোৰণৰ বিষয়ে জানিব পাৰি গভীৰভাৱে দুখ পাইছোঁ । শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা জনাইছোঁ । আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।" ৰাজনাথ সিঙে X পোষ্টত কয় ।

"উদ্ধাৰকাৰী দলসমূহ উক্ত স্থানত মোতায়েন কৰা হৈছে । প্ৰভাৱিত লোকসকলক সহায় আগবঢ়োৱাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে ।" তেওঁ লগতে কয় ।

আনহাতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছেও X পোষ্টত ঘটনাটোৰ বাবে শোক প্ৰকাশ কৰে । "ভাণ্ডাৰাৰ অস্ত্ৰ কাৰখানাত সংঘটিত বিস্ফোৰণৰ ফলত চাল খহি পৰি ১৩-১৪ জন শ্ৰমিক আবদ্ধ হৈ থকাৰ এটা বাতৰি আহিছে । ৫ জন শ্ৰমিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে । ভাণ্ডাৰা জিলা আয়ুক্ত আৰু এছ পি উক্ত স্থানত উপস্থিত আছে আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰয়োজনীয় সকলো সমৰ্থন নিশ্চিত কৰিছে ।" ফাডনাভিছে কয় ।

তেওঁ লগতে কয়, "উদ্ধাৰ অভিযানৰ বাবে এছ ডি আৰ এফ আৰু নাগপুৰ পৌৰ নিগমৰ দল মোতায়েন কৰা হৈছে । জিলা প্ৰশাসনেও একাধিক দলৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে । চিকিৎসা সহায়ক দলবোৰো সাজু ৰখা হৈছে । এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি, এজন কৰ্মীয়ে দুৰ্ভাগ্যবশতঃ প্ৰাণ হেৰুৱাইছে । তেওঁৰ পৰিয়াললৈ মোৰ সমবেদনা জনালোঁ । আমি এই কঠিন সময়ত পৰিয়ালটোৰ সৈতে থিয় দি আছোঁ । মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।"

ইফালে আৰক্ষী আৰু জিলা কৰ্তৃপক্ষই জনোৱা অনুসৰি, পুৱা প্ৰায় ১০.৩০ বজাত জৱাহৰ নগৰ অঞ্চলৰ অস্ত্ৰ কাৰখানাৰ এল টি পি শাখাত এই বিস্ফোৰণটো সংঘটিত হয় । কোলটে কয় যে ঘটনাটোৰ সময়ত ১৩-১৪ জন লোকে গোটটোত কাম কৰি আছিল । তেওঁ কয় যে ছয়জন লোকক উদ্ধাৰ কৰি বাহিৰলৈ অনা হৈছে আৰু তেওঁলোকৰ এজনৰ মৃত্যু হৈছে । আনহাতে, আনসকল এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

অস্ত্ৰ কাৰখানাটোৰ এজন কৰ্মীয়ে কয়, "মোৰ দ্বিতীয় শ্বিফ্ট আছিল আৰু যেতিয়া বিস্ফোৰণটো সংঘটিত হৈছিল তেতিয়া মই ঘৰত খাই আছিলোঁ । বিস্ফোৰণটো প্ৰায় ১০.৩০ বজাৰ পৰা ১১ বজাত সংঘটিত হৈছিল । ইয়াৰ তীব্ৰতা এনেকুৱা আছিল যে মই মোৰ ঘৰৰ পৰাই ইয়াৰ শব্দ শুনিছিলোঁ । কাৰখানাটোৰ পৰা মোৰ ঘৰ পাঁচ কিলোমিটাৰ দূৰৈত ।"

লগতে পঢ়ক :৫৩০০ বছৰ পূৰ্বে তামিল ভূমিত সূচনা হৈছিল লৌহ যুগ... গৌৰৱান্বিত মুখ্যমন্ত্ৰী এম কে ষ্টালিন ! - IRON AGE BEGAN IN THE TAMIL LAND
লগতে পঢ়ক :ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ২০২৫ : কন্যা সন্তানৰ বিৰুদ্ধে বৈষম্য ৰোধৰ দৃঢ় বাৰ্তা প্ৰধানমন্ত্ৰীৰ - NATIONAL GIRL CHILD DAY 2025

ABOUT THE AUTHOR

...view details