নতুন দিল্লী:দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে আৰম্ভ কৰিছে ব্যাপক কুচকাৱাজ ৷ দলটোৰ নেতাসকলে নিজা নিজা সমষ্টিৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ সভা-সমিতি আদিত সঘনাই অংশ লোৱা দেখা গৈছে ৷ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালো পিছ পৰি ৰোৱা নাই এই অভিযানৰ পৰা ৷ নিৰ্বাচনী প্ৰচাৰ তথা আন দায়িত্বৰ মাজতে তেওঁ অলপতে দিল্লীৰ স্কুল অৱ স্পেছিয়েলাইজড এক্সিলেঞ্চৰ দ্বাৰা আয়োজন কৰা ‘লহৰ’ শীৰ্ষক কলা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা দেখি আনন্দিত হৈ পৰে কেজৰিৱাল ৷
কলা প্ৰদৰ্শনীত কেজৰিৱালে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাক প্ৰশংসা কৰি কয় যে শিশুৱে যেতিয়া উপযুক্ত পৰিবেশ আৰু সুবিধা লাভ কৰে, তেতিয়া তেওঁলোকৰ কলা আৰু আত্মবিশ্বাস উজলি উঠে ৷ তেওঁ দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থাৰ উন্নীতকৰণৰ কথা উল্লেখ কৰি কৰি কয়, "10 বছৰ পূৰ্বে এই বিদ্যালয়সমূহত বুনিয়াদী শিক্ষাৰ সুবিধা সামান্য আছিল ৷ কিন্তু এতিয়া শিশুসকলে গীত-নৃত্য আৰু আন আন কলাৰ ক্ষেত্ৰত নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হৈছে ৷"
এই কলা প্ৰদৰ্শনীত শিশুসকলে নিজা নিজা পাৰদৰ্শিতা প্ৰদৰ্শন কৰে ৷ কাৰ্যসূচীৰ মাজতে শিশুসকলে কেজৰিৱালক তেওঁলোকৰ সৈতে নৃত্য কৰিবলৈও অনুৰোধ জনায় ৷ শিশুসকলৰ অনুৰোধ পেলাব নোৱাৰি তেওঁলোকৰ সৈতেও প্ৰাণ খুলি নাচিলে কেজৰিৱালে ৷ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই এক মন্তব্যত কয়, ‘‘এয়া দিল্লীৰ বিদ্যালয়ৰ শিশু, যেতিয়া তেওঁলোকে কিবা এটা ভাবে, সেয়া কৰিহে এৰে ৷’’
এই কলা প্ৰদৰ্শনী ‘লহৰ’ৰ আয়োজন কৰিছিল দিল্লীৰ বিদ্যালয় শিক্ষা পৰিষদে ৷ এই প্ৰদৰ্শনীৰ মূল উদ্দেশ্য হৈছে কলাৰ ক্ষেত্ৰখনত উচ্চ শিক্ষা আৰু কেৰিয়াৰ গঢ়াৰ বাবে উপযুক্ত সুবিধা প্ৰদান কৰা ৷ ‘লহৰ 2024’ ৰ মূল বিষয়বস্তুৱে ইতিহাস, সমৃদ্ধি আৰু সময়ৰ প্ৰবাহৰ সংযোগ ঘটোৱাৰ প্ৰয়াসক প্ৰতিফলিত কৰিছে ৷ এই প্ৰদৰ্শনীত ছাত্ৰসকলক নিজৰ ৰচনাত্মক প্ৰতিভা বিকাশৰ বাবে প্ৰেৰণা যোগোৱা হয় ৷ সংগীত, হস্তকলা, ছবি নিৰ্মাণ, অভিনয় আৰু সংবাদ অধ্যয়ন আদি বিষয়সমূহ ইয়াত অন্তৰ্ভুক্ত ৷
এই শিল্প প্ৰদৰ্শনীত উপস্থিত ৰাইজে দিল্লীৰ শিক্ষা আৰ্হিৰ বৈপ্লৱিক পৰিৱৰ্তনক শলাগ লয় । তেওঁলোকে কয় যে এনে পদক্ষেপে শিশুসকলৰ প্ৰতিভা বৃদ্ধিৰ সুযোগ দিয়াই নহয়, তেওঁলোকৰ ভৱিষ্যতৰ বাবেও অনুপ্ৰাণিত কৰে । কেজৰিৱালে তেওঁৰ ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰি কয় যে এই শিশুসকল কাইলৈৰ ভাৰতৰ উজ্জ্বল ছবি আৰু তেওঁলোকৰ বিকাশ দেশৰ ভৱিষ্যতৰ বাবে অপৰিহাৰ্য ।
ছাত্ৰ-ছাত্ৰীসকলে এই কলাসমূহ প্ৰদৰ্শন কৰে -