নিউজ ডেস্ক, ১৮ এপ্ৰিল : প্ৰেমত বিফল প্ৰেমিকৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ এক ঐতিহাসিক সিদ্ধান্ত । প্ৰেমত বিফলতাৰ বাবে যদি কোনো প্ৰেমিকে আত্মহত্যা কৰে তেনে ক্ষেত্ৰত পুৰুষজনৰ আত্মহত্যাত উদগনি দিয়াৰ বাবে মহিলাগৰাকীক দোষী সাব্যস্ত কৰিব নোৱাৰি । দিল্লী উচ্চ ন্যায়ালয়ে এই কথা জনায় ।
নিজৰ ৰায় প্ৰদান কৰি ন্যায়াধীশ অমিত মহাজনে কয় যে দুৰ্বল মনৰ ব্যক্তি এজনে লোৱা ভুল সিদ্ধান্তৰ বাবে আন কোনো ব্যক্তিক আত্মহত্যাত উদগনি দিয়াৰ বাবে দোষী সাব্যস্ত কৰিব নোৱাৰি । "যদি প্ৰেমত বিফলতাৰ বাবে প্ৰেমিকে আত্মহত্যা কৰে, পৰীক্ষাত দুৰ্বল প্ৰদৰ্শনৰ বাবে এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰে, যদি এজন গোচৰীয়াই তেওঁৰ গোচৰ খাৰিজ হোৱাৰ বাবে আত্মহত্যা কৰে, তেনেক্ষেত্ৰত মহিলা, পৰীক্ষক, উকীলক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ বাবে দোষী সাব্যস্ত কৰিব নোৱাৰি ।
"দুৰ্বল মানসিকতাৰ ব্যক্তি এজনে লোৱা ভুল সিদ্ধান্তক আন এজন ব্যক্তিৰ আত্মহত্যাত উদগনি দিয়াৰ বাবে দোষী সাব্যস্ত কৰিব নোৱাৰি ।" ন্যায়াধীশ মহাজনে আত্মহত্যা কৰা ব্যক্তিজনৰ পিতৃৰ অভিযোগত দাখিল কৰা আত্মহত্যাৰ গোচৰত প্ৰৰোচিত পুৰুষ আৰু এগৰাকী মহিলাক আগতীয়া জামিন প্ৰদান কৰাৰ সময়ত এই মন্তব্য কৰে । উল্লেখ্য যে এগৰাকী মহিলা আবেদনকাৰী মৃতকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল । আনজন আবেদনকাৰী এজন সাধাৰণ বন্ধু আছিল । অভিযোগ কৰা হয় যে আবেদনকাৰীসকলে মৃতকক এইবুলি কৈ প্ৰৰোচিত কৰিছিল যে তেওঁলোকৰ ইজনে সিজনৰ সৈতে শাৰীৰিক সম্পৰ্ক আছিল আৰু সোনকালেই বিবাহপাশত আবদ্ধ হ'ব ।