অসম

assam

দিল্লী উচ্চ ন্যায়ালয়ে ৰোহিংগীয়া শৰণাৰ্থীসকলৰ নিৰাপত্তাৰ আবেদনৰ আদেশ সংৰক্ষিত ৰাখিলে

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 4:56 PM IST

Delhi HC reserves order : ভাৰতৰ ৰোহিংগীয়াসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত দিল্লী উচ্চ ন্যায়ালয়ে এক ৰায়দান সংৰক্ষিত ৰাখে ৷

Delhi HC reserves order
দিল্লী উচ্চ ন্যায়ালয়ে ৰোহিংগীয়া শৰণাৰ্থীসকলৰ নিৰাপত্তাৰ আবেদনৰ আদেশ সংৰক্ষিত কৰে

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী :মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে দুজন ৰোহিংগীয়া শৰণাৰ্থীৰ দ্বাৰা উত্থাপিত ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা (পিআইএল)ৰ ওপৰত এক ৰায়দান সংৰক্ষিত কৰে ৷ ফেচবুক ইণ্ডিয়া আৰু কেন্দ্ৰই ভাৰতত ৰোহিংগীয়াৰ বিৰুদ্ধে সামাজিক মাধ্যমত উত্থাপন হোৱা ঘৃণামূলক পোষ্ট নিৰীক্ষণ কৰি সেইসমূহ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ নিৰ্দেশনা দিছিল ৷ ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ মনমিত প্ৰীতম সিং অৰোৰাৰ বিচাৰপীঠে দুয়োপক্ষৰ দীঘলীয়া যুক্তি শুনি ৰায় সংৰক্ষিত ৰাখে ৷

ফেচবুক ইণ্ডিয়াৰ হৈ আদালতত জ্যেষ্ঠ অধিবক্তা অৰবিন্দ দাতাৰে দাখিল কৰিছিল যে, ঘৃণামূলক ভাষণ আৰু পোষ্টৰ দৰে অনুপযুক্ত বা আপত্তিজনক সমলসমূহ চিনাক্ত কৰি প্ৰতিৰোধ কৰিবলৈ সামূহিক মানদণ্ড, তৃতীয় পক্ষৰ তথ্য পৰীক্ষক আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে ব্যৱস্থা হাতত লোৱা হৈছে ৷ আবেদনত কোৱা হৈছে যে, ভাৰতত ৰোহিংগীয়া শৰণাৰ্থী এক অত্যন্ত ৰাজনীতিকৃত বিষয়, আৰু সেয়েহে ফেচবুক তথা সামাজিক মাধ্যমত ৰোহিংগীয়াসকলৰ বিৰুদ্ধে লিখা ঘণামূলক পোষ্টকে ধৰি অন্যান্য সমল অসামঞ্জস্যপূৰ্ণভাৱে লক্ষ্য কৰিলে তাৰ বিৰুদ্ধে পদক্ষেপ লোৱা হ’ব ৷ ভাৰতত প্ৰায়ে ৰোহিংগীয়াসকলক "সন্ত্ৰাসবাদী", "অনুপ্ৰৱেশকাৰী" বুলি উল্লেখ কৰা হয় ৷

অধিবক্তা কোৱালপ্ৰীত কৌৰে দাখিল কৰা আবেদনত উল্লেখ আছে যে, ভাৰতৰ ৰোহিংগীয়াসকলে বিদ্যালয়, চিকিৎসা সুবিধা বা নিয়মীয়া কামৰ সুবিধা নথকা অস্থাস্থ্যকৰ শিবিৰত বাস কৰে, তেওঁলোকৰ খোৱা পানী নাই বা পানীৰ যোগান ভাল নহয়, ঘৰসমূহত শৌচ কৰাৰ বাবে কোনো সঠিক প্ৰস্ৰাৱগাৰ নাই । ৰোহিংগীয়াসকলে বাঁহ আৰু টিৰ্পালেৰে নিৰ্মাণ কৰা ঘৰসমূহত বাস কৰে ৷ ইয়াৰ উপৰিও, ৰোহিংগীয়াসকল নিৰন্তৰ ভাবুকিৰ সন্মুখীন হৈ আছে ৷ কোনো কোনো ক্ষেত্ৰত ৰোহিংগীয়াসকলৰ ঘৰ তথা বস্তিবোৰ জ্বলাই দিয়া হয় আৰু তেওঁলোক শাৰীৰিক হিংসাৰ সন্মুখীন হয় বুলি আবেদনত উল্লেখ কৰা হৈছে ।

আবেদনকাৰীসকলৰ প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কলিন গনচালভেছে দাখিল কৰিছিল যে, ২০১৭ চনত ৰহিংগীয়াসকলৰ বিৰুদ্ধে ক্লিয়াৰেন্স অভিযানৰ পূৰ্বে ফেচবুকত ৰোহিংগীয়াসকলৰ সন্দৰ্ভত প্ৰচাৰ হোৱা ক্ষতিকাৰক পোষ্ট, ৰোহিংগীয়াসকল ভাৰতৰ বাবে এক ভাবুকিস্বৰূপে ছবি সজাই তোলা হৈছিল, তাৰ পিচতে ভাৰতত ৰোহিংগীয়াসকলৰ সুৰক্ষাৰ বাবে গুৰুতৰ উদ্বেগৰ সৃষ্টি হৈছিল ৷ এই ভুৱা ৰাজনৈতিক প্ৰচাৰৰ পিচত, ভাৰতৰ বিভিন্ন প্ৰান্তত ৰোহিংগীয়াসকলৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল ।

বহু অঞ্চলত ৰোহিংগীয়াসকলে বাস কৰা বস্তিসমূহ জ্বলাই দিয়া হৈছিল আৰু ৰোহিংগীয়াসকলক নিঃস্ব কৰি তোলা হৈছিল বুলি আবেদনত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক:তেজস্বী যাদৱক জেৰা ইডিৰ; ইডি কাৰ্যালয়ৰ বাহিৰত সমৰ্থকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details