নিউজ ডেস্ক, ৭ মে': মঙলবাৰে ৰাউজ এভিনিউ আদালতে দিল্লীৰ আবকাৰী নীতিৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, বি আৰ এছৰ নেতা কে কবিতা আৰু আন এজন ব্যক্তিৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰে । আদালতে ইডিৰ গোচৰত কেজৰিৱালৰ ন্যায়িক জিম্মা ২০২৪ চনৰ ২০ মে’লৈ বৃদ্ধি কৰে । ইয়াৰ বিপৰীতে কে কবিতাৰ ইডিৰ গোচৰত ন্যায়িক জিম্মা ১৪ মে’লৈ আৰু চিবিআই গোচৰত ২০ মে’লৈ বৃদ্ধি কৰে ।
২০২৪ চনৰ ২১ মাৰ্চত প্ৰৱৰ্তন সঞ্চালকালয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল । শুনানিৰ সময়ত কেজৰিৱালৰ হৈ হাজিৰ হোৱা অধিবক্তা ৰজত ভৰদ্বাজে আদালতক অৱগত কৰে যে বৰ্তমান উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিনৰ ক্ষেত্ৰত অৰবিন্দ কেজৰিৱালৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছে ।
বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই আবকাৰী নীতিৰ গোচৰত অৰবিন্দ কেজৰিৱাল, কে কবিতা আৰু চানপ্ৰীত সিঙৰ ইডিয়ে উত্থাপন কৰা আবেদনৰ ভিত্তিত ন্যায়িক জিম্মা বৃদ্ধিৰ বাবে অনুমতি দিয়ে ।
শুনানিৰ সময়ত অৰবিন্দ কেজৰিৱালক তিহাৰ জেলৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হাজিৰ কৰা হয় । অৱশ্যে সোমবাৰে গৃহীত হোৱা আদালতৰ নিৰ্দেশৰ পিছত শাৰীৰিকভাৱে আদালতত হাজিৰ হয় কে কবিতা ।
ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে কবিতাৰ আবকাৰী নীতিৰ গোচৰৰ সৈতে জড়িত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই) আৰু ইডি গোচৰৰ সৈতে জড়িত জামিন আৱেদনকো সোমবাৰে ৰাউজ এভিনিউ আদালতে খাৰিজ কৰে । ২০২৪ চনৰ ১৫ মাৰ্চত ই ডি আৰু ২০২৪ চনৰ ১১ এপ্ৰিলত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিছিল বি আৰ এছৰ নেতা কে কবিতাক ।
ইয়াৰ পূৰ্বে চিবিআইয়ে ৰিমাণ্ড আবেদনৰ জৰিয়তে উল্লেখ কৰিছে যে "কবিতা কালভাকুন্তলক প্ৰণয়ন আৰু কাৰ্যকৰীকৰণ সন্দৰ্ভত অভিযুক্ত, সন্দেহজনক ব্যক্তিৰ মাজত ৰচনা কৰা বৃহত্তৰ ষড়যন্ত্ৰ উন্মোচন কৰিবলৈ প্ৰমাণ আৰু সাক্ষীৰ সৈতে মুখামুখি হোৱাৰ বাবে জেৰা চলাবলৈ তৎক্ষণাত গোচৰটোত গ্ৰেপ্তাৰ কৰাটো বাধ্যতামূলক আছিল । আবকাৰী নীতিৰ অধীনত উৎপাদিত ধনৰ ট্ৰেইল স্থাপন কৰা আৰু ৰাজহুৱা কৰ্মচাৰীকে ধৰি অন্যান্য অভিযুক্ত/সন্দেহযুক্ত ব্যক্তিৰ ভূমিকা স্থাপন কৰাৰ লগতে তেওঁৰ একচেটিয়া জ্ঞাত তথ্যসমূহ উন্মোচন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিব লাগে কে কবিতাক ।"