যোৰহাট : "দেশৰ মধ্য আৰু নিম্ন শ্ৰেণীৰ লোকে গোটেই বছৰত ৫০ শতাংশৰো অধিক জি এছ টি পৰিশোধ কৰে । আনহাতে পুঁজিপতিসকলে মাত্ৰ ৩ শতাংশ জি এছ টি পৰিশোধ কৰে ।" এই অভিযোগ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ । যাৰ বাবে সংবাদমেলৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰক নতুন জি এছ টি নীতি আৰম্ভ কৰাৰ দাবী তুলিলে কংগ্ৰেছ সাংসদজনে ।
যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে বৃহস্পতিবাৰে জিলা কংগ্ৰেছ ভৱনত এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ।
সাংসদ গৌৰৱ গগৈয়ে কয় যে দেশত প্ৰয়োজ্য হোৱা জি এছ টি নীতিয়ে বিশেষকৈ মধ্যবিত্ত আৰু দৰিদ্ৰ জনসাধাৰণক আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত আৰু দুৰ্বল কৰি তুলিছে । এই জি এছ টিৰ জৰিয়তে উদ্যোগপতি আৰু আৰ্থিকভাৱে অধিক সবলসকল লাভান্বিত হৈছে । কাৰণ উদ্যোগপতি তথা ধনিক শ্ৰেণীৰ লোকসকলে দৰিদ্ৰ আৰু মধ্যবিত্তৰ বিপৰীতে কমকৈ জি এছ টি পৰিশোধ কৰে ।
মানৱ বিকাশ সূচাংকত অসমৰ স্থান...?
অসমক দেশৰ শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰত স্থান দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ আঁত ধৰি সাংসদ গগৈয়ে কয়, "মানৱ বিকাশ সূচাংকত দেশৰ ভিতৰত অসমৰ স্থান ৩১ নম্বৰত । মানৱ বিকাশ সূচাংকত স্বাস্থ্য, শিক্ষা আদিৰ লগতে বহু বিষয়বস্তু অন্তৰ্ভুক্ত হৈ থাকে ।" তেওঁ লগতে কয়,"অসমৰ মুখ্যমন্ত্ৰীগৰাকী ক্ৰমান্বয়ে ধনী হৈ গৈ আছে ৷ কাৰণ দেশৰ ভিতৰতে ধনী মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ স্থান হৈছে নৱম । অসম ৫ খন শীৰ্ষ ৰাজ্যৰ ভিতৰত নহ'লেও, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম শীৰ্ষ ৫ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হ'ব ।" গৌৰৱ গগৈৰ মতে অসমৰ জনসাধাৰণে অসমৰ মুখ্যমন্ত্ৰীতকৈ অধিক জ্ঞানী আৰু অধিক কথা জানে, সেয়েহে জনসাধাৰণে এইবাৰ চাই মেলি সিদ্ধান্ত ল'ব ।
চাহ শ্ৰমিকৰ সৈতে অন্যায়
গৌৰৱ গগৈয়ে কয়,"বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলৰ উন্নয়নৰ কথা কৈ থাকে ৷ কিন্তু ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলক অন্যায় কৰি আহিছে । কাৰণ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে চাহ শ্ৰমিকৰ বাবে ১০০০ কোটি টকা বাজেট দিয়াৰ কথা কৈছিল যদিও এই পুঁজি আজিৰ তাৰিখত সঠিকভাৱে চাহ শ্ৰমিকৰ কাষলৈ পাইছে নে নাই সেয়া ডাঙৰ প্ৰশ্ন ?"
এডভাণ্টেজ আছামক লৈ সৰব সাংসদ গৌৰৱ গগৈ
এডভাণ্টেজ আছামক লৈ সৰব হৈ পৰে সাংসদ গৌৰৱ গগৈ । সাংসদগৰাকীৰ মতে এডভাণ্টেজ আছামৰ দ্বাৰা অসম লাভান্বিত হোৱা নাই কাৰণ এডভাণ্টেজ আছামৰ জৰিয়তে অসমলৈ ৬০ টা বিনিয়োগকাৰী প্ৰতিষ্ঠান অহাৰ কথা যদিও মূলতঃ ১০ টা বিনিয়োগকাৰী প্ৰতিষ্ঠানৰহে অস্তিত্ব পোৱা যায় ।