ETV Bharat / state

উমৰাংছ' কয়লাখনি ট্ৰেজেডী : উদ্ধাৰকাৰ্যৰ বাবে মহাৰাষ্ট্ৰৰ পৰা অনা হৈছে উচ্চ শক্তিসম্পন্ন পাম্প - ASSAM MINING TRAGEDY

উমৰাংছ'ৰ কয়লাখনি দুৰ্ঘটনাই আজি চতুৰ্থ দিনত ভৰি দিলে । কিন্তু খনিটোত আবদ্ধ আঠ শ্ৰমিকক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই ।

Assam mining tragedy
উমৰাংছ' কয়লাখনিত অব্যাহত উদ্ধাৰ অভিযান (ETV Bharat Assam)
author img

By PTI

Published : 10 hours ago

উমৰাংছ' : ডিমা হাচাও জিলাৰ এক অবৈধ ‘‘ৰেট হ'ল’’ কয়লাখনিৰ ভিতৰত আবদ্ধ খনিকৰ্মীসকলৰ সন্ধান উলিওৱাৰ বাবে বৃহস্পতিবাৰে চতুৰ্থ দিনাও ৰাজ্যিক আৰু কেন্দ্ৰীয় সংস্থাৰ একাধিক দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থা PTI ক জনোৱা মতে, সমগ্ৰ নিশা পানী নিষ্কাশনৰ কাম কৰাৰ পিছত পুৱাতে অনুসন্ধান অভিযান পুনৰ আৰম্ভ হয় আৰু এখন 'ৰিম'টলী অপাৰেটেড ভেহিকল' (Remotely Operated Vehicle, ROV) পানীৰে পূৰ্ণ খাদটোৰ ভিতৰলৈ সোমাই গৈছে ।

"এতিয়ালৈকে আৰ অ' ভিয়ে একো চিনাক্ত কৰা নাই । অত্যন্ত প্ৰতিকূল আৰু কঠিন পৰিস্থিতি সত্ত্বেও ই আবদ্ধ খনিকৰ্মীসকলৰ সন্ধান উলিয়াবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছে । ভিতৰৰ পানী সম্পূৰ্ণৰূপে ক'লা হৈ গৈছে, যাৰ ফলত যিকোনো বস্তু বিচাৰি পোৱাত সমস্যাৰ সৃষ্টি কৰিছে ।" তেওঁ লগতে কয় ।

ইয়াৰ উপৰি নৌসেনাৰ চাৰিজন গভীৰ ডুবাৰুও আবদ্ধ খনিকৰ্মীসকলক বিচাৰি পানীভৰ্তি খাদটোৰ ভিতৰলৈ যোৱা বুলি বিষয়াগৰাকীয়ে কয় । নৌসেনা, সেনা, এন ডি আৰ এফ, এছ ডি আৰ এফ, অ' এন জি চি, ক'ল ইণ্ডিয়া আৰু জিলা প্ৰশাসনে ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলক বিচাৰি উলিয়াবলৈ এক ঐক্যবদ্ধ প্ৰচেষ্টা চলাই আছে ।

উল্লেখ্য যে এই শ্ৰমিকসকল সোমবাৰৰ পৰা গুৱাহাটীৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰৈৰ উমৰাংছ'ৰ ৩ কিলো অঞ্চলৰ এটা কয়লাখনিৰ ভিতৰত আবদ্ধ হৈ আছে । খনিটোৰ ভিতৰত হঠাতে হোৰাহোৰে পানী সোমোৱাৰ ফলত শ্ৰমিকসকল খনিটোৰ ভিতৰত আবদ্ধ হৈ পৰে । কুৱেৰীৰ কৰ্মচাৰীসকলৰ মতে, যেতিয়া পানীয়ে এখন দেৱাল ভাঙিছিল আৰু গোটেই খনি আৰু সুৰংগবোৰ প্লাবিত কৰিছিল, সেই সময়ত অবৈধ খনিটোৰ ভিতৰত প্ৰায় 15 জন শ্ৰমিক আছিল ।

"খনিকৰ্মীসকলে আমাক কৈছে যে নজন সন্ধানহীন হৈ আছে আৰু বাকীসকল দুৰ্ঘটনাটোৰ পৰা কথমপি ৰক্ষা পৰে । তেওঁলোকৰ ভিতৰত কালি এটা মৃতদেহ উদ্ধাৰ কৰা হয় ।" বিষয়াগৰাকীয়ে কয় । তেওঁ লগতে কয় যে ক'ল ইণ্ডিয়াই মহাৰাষ্ট্ৰৰ পৰা প্ৰতি মিনিটত ৫০০ গেলন পানী সিঁচিব পৰা ক্ষমতাসম্পন্ন এটা গধুৰ প্ৰেচাৰ পাম্প অনা হৈছে আৰু এইটো চুবুৰীয়া কাছাৰ জিলাৰ শিলচৰ বিমানবন্দৰত উপস্থিত হৈছে ।

"এখন এম আই-17 হেলিকপ্টাৰে পাম্পৰ অংশবোৰ 2-3 টা ভাগত পৰিবহণ কৰিব আৰু তাৰ পিছত ইয়াক ঘটনাস্থলীত এছেম্বল কৰা হ'ব । ইতিমধ্যে 5-6 টা পাম্পে কাম কৰি আছে । কিন্তু পানীত যথেষ্ট বালি থকাৰ ফলত পাম্পবোৰৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে । আমাক এতিয়া গধুৰ ছাবমাৰ্চিবল পাম্পৰ প্ৰয়োজন আৰু ইয়াৰ ব্যৱস্থা কৰা হৈছে ।" বিষয়াগৰাকীয়ে কয় ।

তেওঁ এই কথাও নিশ্চিত কৰে যে এইটো এটা 'সম্পূৰ্ণ ৰেট হ'ল খনি', যিটো সংশ্লিষ্ট কৰ্তৃপক্ষই নিষেধাজ্ঞা জাৰি কৰাৰ পিছত সম্পূৰ্ণৰূপে অবৈধ । ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (এন জি টি) 2014 চনত 'ৰেট হ'ল' খনন নিষিদ্ধ কৰিছিল । অৱশ্যে উত্তৰ-পূৰ্বাঞ্চলত এই বিপজ্জনক পদ্ধতিৰ দ্বাৰা এতিয়াও কয়লা আহৰণ কৰা হয় ।

"খাদটো 310 ফুট গভীৰ । তাৰ পৰা 'ৰেট হ'ল' কৌশলৰ জৰিয়তে একাধিক চেনেল নিৰ্মাণ কৰা হৈছিল । আমাৰ অনুমান যে এটা চেনেলৰ দেৱাল ভাঙিছে আৰু গোটেই খাদটো পানীৰে প্লাবিত হৈছে ।" আনহাতে, উদ্ধাৰ অভিযান নিৰীক্ষণ কৰি থকা এগৰাকী বিশেষজ্ঞই PTI ক কয় ।

তেওঁ লগতে কয়, "এইটোও সম্ভাৱনা আছে যে এটা চেনেল হয়তো ইতিমধ্যে পানীৰে পূৰ্ণ ওচৰৰ কোনো অব্যৱহৃত খনিত উপস্থিত হৈছিল । আন এটা সম্ভাৱনা হ'ল যে এটা চেনেল হয়তো ভূগৰ্ভস্থ জলাশয়ত উপনীত হৈছিল আৰু হঠাতে পানী সোমাই গৈছিল । অৱশ্যে এই সকলোবোৰ সম্ভাৱ্য তত্ত্বহে, যাক আমি এই মুহূৰ্তত নিশ্চিত কৰিব নোৱাৰো ।"

উল্লেখ্য যে, নিৰুদ্দিষ্ট নজন শ্ৰমিকৰ ভিতৰৰ এজনৰ মৃতদেহ বুধবাৰে সেনাৰ ডুবাৰুৱে উদ্ধাৰ কৰে । তেওঁলোকে মৃতদেহটোৰ অৱস্থান পৃষ্ঠৰ 85 ফুট তলত চিনাক্ত কৰি উদ্ধা কৰে । তেওঁক নেপালৰ উদয়পুৰ জিলাৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক :সুকলমে উভতি আহিবনে ! উৎকণ্ঠাৰ মাজতে চতুৰ্থ দিনাও অব্যাহত উদ্ধাৰ অভিযান - ASSAM COAL MINE TRAGEDY
লগতে পঢ়ক :উমৰাংছ'ৰ কয়লাখনিত NDRF-এ আৰম্ভ কৰিছে পানী নিষ্কাশন - ASSAM COAL MINE TRAGEDY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.