অসম

assam

ETV Bharat / bharat

সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল’লে দিল্লী বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলে - RAMNIWAS GOYAL

আম আদমী পাৰ্টীৰ বাবে আৱেগিক মুহূৰ্ত ৷ কিয়নো সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা দলটোৰ জ্যেষ্ঠ নেতাৰ ৷

Ramniwas Goyal
সক্ৰিয়া ৰাজনীতিৰ পৰা অৱসৰ ল’লে দিল্লী বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলে (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 1:40 PM IST

নতুন দিল্লী :বৃহস্পতিবাৰে দিল্লী বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলে নিৰ্বাচনী ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ৷ এই ঘোষণাৰ পাছতে ৰাজনৈতিক জগতত এক আলোড়নৰ সৃষ্টি হোৱা দেখা গৈছে ।

ইতিমধ্যে ৰাম নিৱাস গোৱেলে আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱাললৈ এক পত্ৰৰ জৰিয়তে এই কথা সদৰী কৰে । পত্ৰখনত বয়স বৃদ্ধিয়েই তেওঁ অৱসৰৰ কাৰণ হিচাপে দৰ্শাইছে ৷ লগতে গোৱেলে ৰাজনৈতিক যাত্ৰাত লাভ কৰা সমৰ্থনৰ বাবেও পত্ৰখনৰ জৰিয়তে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰে ।

মুৰব্বী অৰবিন্দ কেজৰিৱাললৈ চিঠি (ETV Bharat)
  • পত্ৰখনত গোৱেলে লিখিছে :

"মই আপোনালোকক বিনম্ৰভাৱে জনাব বিচাৰিছো যে যোৱা ১০ বছৰ ধৰি মই বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিচাপে নিজৰ দায়িত্ব দক্ষতাৰে পালন কৰিছো । আপোনালোকে মোক সদায় অতিশয় সন্মান দিছে, যাৰ বাবে মই সদায় কৃতজ্ঞ । মই আপোনাৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম ।’’

লগতে তেওঁৰ এই যাত্ৰাত সহযোগ কৰা আম আদমি পাৰ্টীৰ সকলো বিধায়ককে ধন্যবাদ জ্ঞাপন কৰে । বয়সৰ বাবে নিৰ্বাচনী ৰাজনীতিৰ পৰা আঁতৰি আহিব বিচাৰিছে যদিও আম আদমী পাৰ্টীৰ হৈ আগন্তুক দিনত সেৱা আগবঢ়াই যাব বুলিও গোৱেলে কয় ।

তেওঁ কেজৰিৱালক আশ্বাস দি কয়, "মই মোৰ সম্পূৰ্ণ তন-মন-ধনেৰে দলৰ হৈ কাম কৰি যাম আৰু মোৰ হাতত যি দায়িত্ব দিয়া হ'ব সেয়া পালন কৰিবলৈ চেষ্টা কৰিম ।"

লগতে পঢ়ক :মহাৰাষ্ট্ৰৰ মহা নাটকৰ যৱনিকা: দেৱেন্দ্ৰ ফাড়নভিছেই পৰৱৰ্তী মুখ্যমন্ত্ৰী
  • কেজৰিৱালৰ প্ৰতিক্ৰিয়া :

একে সময়তে অৰবিন্দ কেজৰিৱালেও তেওঁৰ চিঠিখনৰ উত্তৰত লিখিছে, "ৰামনিৱাস গোৱেল জীয়ে নিৰ্বাচনী ৰাজনীতিৰ পৰা আঁতৰি অহাটো আমাৰ সকলোৰে বাবে এক আৱেগিক মুহূৰ্ত । বছৰ বছৰ ধৰি তেওঁৰ পথ প্ৰদৰ্শনে আমাক সদনৰ ভিতৰত আৰু বাহিৰত সঠিক দিশ দেখুৱাই দি আহিছে । তেওঁৰ বয়স আৰু স্বাস্থ্যৰ বাবে শেহতীয়াকৈ নিৰ্বাচনী ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৷ গোৱেল চাহেবে তেওঁৰ অভিজ্ঞতাৰে দলৰ বাবে সদায় অভিভাৱক হৈ আহিছে আৰু হৈ থাকিব ।"

  • দীৰ্ঘসময় ধৰি ৰাজনীতিৰ লগত তেওঁ জড়িত :

দীৰ্ঘসময় ধৰি ৰাম নিৱাস গোৱেলে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ আছিল । ১৯৯৩ চনত বিজেপিৰ টিকটত শ্বাহদৰা সমষ্টিৰ পৰা বিধায়ক হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল । পিছত আম আদমী পাৰ্টী গঠন হোৱাৰ সময়ত তেওঁ সেই দলত যোগদান কৰাৰ সিদ্ধান্ত লয় । তেতিয়াৰে পৰাই যোৱা দুটা নিৰ্বাচনত ধাৰাবাহিকভাৱে জয়লাভ কৰি শেষত বিধানসভাৰ অধ্যক্ষৰ আসন শুৱনি কৰে গোৱেলে ৷

গোৱেলৰ অৱসৰ লোৱা সিদ্ধান্ত কেৱল তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে এক নতুন দিশ নহয়, আম আদমী পাৰ্টীৰ বাবেও ই এক টাৰ্নিং পইণ্ট । ভৱিষ্যতে তেওঁৰ অভিজ্ঞতা আৰু নেতৃত্বৰ অভাৱ দলটোৱে অনুভৱ কৰিব পাৰে । ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, গোৱেলৰ এই সিদ্ধান্ত আন দলৰ নেতাসকলৰ বাবেও এক শিক্ষা ৷ বয়স আৰু অভিজ্ঞতাৰে পুষ্ট হৈ কেনেকৈ এক সুস্থ ৰাজনীতি আগুৱাই নিব পাৰি সেই বিষয়ে সকলোৱে জানিবলৈ এক সুযোগ লাভ কৰিব পাৰে ।

লগতে পঢ়ক :মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ দেৱেন্দ্ৰ ফাড়নাভিছৰ; উপ-মুখ্যমন্ত্ৰী হ’ল সিন্দে-পাৱাৰ

ABOUT THE AUTHOR

...view details