মেষ ৰাশি:বিত্তীয় আৰু ব্যৱসায়িক বিষয়বোৰৰ বাবে আজিৰ দিনটো অনুকূল ৷ আৰ্থিক লাভৰ বাহিৰেও আপুনি দীৰ্ঘম্যাদী বিনিয়োগ কৰিব, যি আপোনাৰ ভৱিষ্যতৰ বাবে লাভদায়ক হ’ব ৷ দিনটো বন্ধু আৰু প্ৰিয়জনৰ সৈতে কটাব পাৰে, যাৰ ফলত আপুনি সুখী হ’ব ৷ সৰু-সুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ ধৰ্মৰ প্ৰতি আকৃষ্ট হ’ব পাৰে ৷
বৃষ ৰাশি: আপোনাৰ মিঠা মাতে আজি সকলোকে মোহিত কৰিব ৷ সতেজ আৰু সক্ৰিয় অনুভৱ কৰিব, যাৰ ফলত আপুনি কামত মনোযোগ দিব পাৰিব ৷ ধনাগমনৰ দিশ শুভ আৰু বিচৰাখিনি লাভ কৰিব ৷
মিথুন ৰাশি:আপুনি আজি বিভিন্ন ধৰণৰ চিন্তা-ভাৱনাৰ সাগৰত সোমাই পৰিব ৷ যাৰ ফলত মনত দোমোজাৰ সৃষ্টি হ’ব আৰু মনোযোগিতাৰ অভাৱে দেখা দিব ৷ মগজুত বেছি জোৰ দিয়া কাম কৰিবলৈ চেষ্টা নকৰাই ভাল ৷ কাৰো লগত তৰ্ক নকৰিব, বিশেষকৈ মাতৃ আৰু আৰু মহিলা বন্ধুসকলৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিব ৷ ভ্ৰমণৰ যোগ আছে, কিন্তু ভ্ৰমণ এসপ্তাহৰ বাবে বাতিল কৰক ৷ পানীৰ পৰা অলপ সাৱধানে থকাটো ভাল ৷
কৰ্কট ৰাশি: নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে যদি এয়াই উচিত সময় ৷ আপুনি আৰম্ভ কৰা কামত সফলতা লাভ কৰিব ৷ ব্যৱসায়ত উন্নতি লাভ ৷ পৰিয়াল আৰু বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে ৷ ধনাগমনৰ লগতে সামাজিক স্বীকৃতি লাভ ৷
সিংহ ৰাশি: আপোনাৰ বাবে এটা মিশ্ৰিত দিন ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ প্ৰিয়জনৰ লগত পুনৰ মিলন লাভজনক হ’ব ৷ আপোনাৰ পৰিয়াল, বন্ধুসকলে সহায়-সহযোগিতা আগবঢ়াব ৷ দাঁতৰ বিষ আৰু চকুৰ ৰোগে আপোনাক অসুবিধাত পেলাব পাৰে ৷ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ সুখাদ্য আৰু মিঠা মাতে আপোনালৈ আনন্দ কঢ়িয়াই আনিব ৷
কন্যা ৰাশি: যেতিয়া শৰীৰ, ধন আৰু আনন্দ আপোনাৰ হাতত থাকিব আৰু কি লাগে ? আজি আপুনি কোনো কথাত সুখী অনুভৱ কৰিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ ৷ আপোনাৰ মন আনন্দিত হৈ থাকিব ৷ ভাল খবৰ আপোনালৈ ৰৈ আছে ৷ বিবাহিতসকলে সুখ লাভ কৰিব ৷
তুলা ৰাশি:যদি সম্ভৱ হয়, আজি মানুহৰ লগত যোগাযোগ অলপ কমকৈ কৰক ৷ ব্যৱসায়ৰ বাবে অলপ বেয়া সময়, গতিকে কৰ্মক্ষেত্ৰত সহযোগীসকলৰ লগত ভাল ব্যৱহাৰ কৰক ৷ আইনী কামত বিশেষভাৱে সাৱধান হওক ৷ অতি ঘনিষ্ঠসকলৰ সৈতে সম্পৰ্কত বিঘিনি ঘটিব পাৰে ৷ শৰীৰৰ যত্ন লওক আৰু গাড়ী চলাওতে সাৱধান হওক ৷ ধ্যান আৰু প্ৰাৰ্থনাৰে সকলো ফালৰ পৰা চিন্তামুক্ত হ’ব পাৰিব ৷
বৃশ্চিক ৰাশি: আজিৰ দিনটোৱে আপোনালৈ বিভিন্ন সুযোগ আৰু আৰু সফলতা কঢ়িয়াই আনিব ৷ যিসকলে বিবাহৰ বান্ধোনেৰে বান্ধ খাব বিচাৰিছে, তেওঁলোকে এই কেইদিনতে সেই বিশেষ লোকজনক সাক্ষাৎ কৰিব ৷ বিবাহিতসকলেও পত্নী আৰু সন্তানৰ পৰা সহযোগিতা লাভ কৰিব ৷ সামাজিক জীৱনত আপোনাৰ স্থিতি সবল হ’ব ৷ আবেলিটো সকলোৰে লগত আৰু উৎসাহজনক হৈ ধৰা দিব ৷
ধনু ৰাশি:এই দিনটো আপোনাৰ বাবে ফুৰ্তি আৰু আনন্দৰ হৈ উঠিব ৷ বৈবাহিক জীৱনৰ সুখ লাভ কৰিব আৰু গ্ৰহৰ প্ৰভাৱত ঘৰুৱা পৰিৱেশ উচ্চমানৰ হৈ পৰিব ৷ ধনাগমনৰ বাট মুকলি হ’ব ৷ আপোনাৰ বচ আৰু আন উচ্চপদস্থ বিষয়াসকলে আপোনাক সহযোগ কৰিব ফলত আপুনি আনন্দিত হৈ পৰিব ৷ আপোনাৰ দায়িত্ব আৰু কাম বৃদ্ধি হ’ব ৷ কামৰ বাবে ভ্ৰমণৰ যোগ ৷ ধন লাভ ৷
মকৰ ৰাশি:মিশ্ৰিত ফলদায়ক দিন ৷ এটা লাভজনক দিন ৷ আমদানি ৰপ্তানি দ্ৰব্যৰ ব্যৱসায়ৰ বাবে শুভ ৷ কলাত্মক কামত সফলতা লাভ কৰিব আৰু এইক্ষেত্ৰত আপুনি জিলিকি উঠিব ৷ কোনো সময়ত আপুনি কামত মনোনিবেশ কৰাত ব্যৰ্থ হ’ব আৰু অস্থিৰতা অনুভৱ কৰিব ৷ সন্তানৰ বাবে উদ্বিগ্নতা বাঢ়িব ৷ সামাজিক কামত ভাল ফল নাপাবও পাৰে আৰু আপুনি অযুক্তিকৰ তৰ্কত লিপ্ত হ’ব পাৰে ৷ এটা আনন্দদায়ক ভ্ৰমণলৈ যাব পাৰে ৷ প্ৰেমত শুভ ৷
কুম্ভ ৰাশি: গণেশৰ পৰামৰ্শ মতে, বে-আইনী আৰু অনৈতিক কামৰ পৰা আঁতৰি থাকক ৷ আপুনি কোৱা কথাত সাৱধান হওক ৷ পৰিয়ালৰ সদস্যৰ লগত তৰ্কৰ পৰা আঁতৰি থাকক ৷ আপুনি মানসিকভাৱে ভাঙি পৰিব পাৰে ৷ কোনোবাই কোৱা কথাই আপোনাক আজি আঘাত দিব ৷ আপোনাৰ ভুলৰ বাবে আনক দোষাৰোপ নকৰিব ৷ মানসিক আঘাতে আপোনাৰ শৰীৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ৷ সেয়ে নিজৰ যত্ন লওক আৰু চিন্তা ত্যাগ কৰক ৷
মীন ৰাশি:গতানুগতিক জীৱন অতিবাহিত কৰিব ৷ অলপ সময় আনন্দৰ বাবে ৰাখক ৷ গ্ৰহ আপোনাৰ পক্ষত আছে সেয়ে আপোনাৰ জীৱনলৈ শীঘ্ৰেই সুখ-সমৃদ্ধিৰ আগমন ঘটিব ৷ পৰিয়ালৰ লগত খোৱা আৰু ফুৰাৰ আনন্দ উপভোগ কৰক ৷ আপোনাৰ প্ৰিয়জনকো নিমন্ত্ৰণ কৰক আৰু উপভোগ কৰক, যিয়ে আপোনাক শাৰীৰিক তথা মানসিকভাৱে শক্তিশালী কৰি তুলিব ৷