নেশ্যনেল ডেস্ক, ৪ এপ্ৰিল :দিল্লী আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৈদ্যুতিক কেটলি, টেবুল আৰু চকী প্ৰদান কৰিবলৈ বুধবাৰে তিহাৰ জেলৰ অধীক্ষকক নিৰ্দেশ দিছে ৰাউছ এভিনিউ আদালতে । বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই কেজৰিৱালক পানী গৰম কৰিবলৈ বৈদ্যুতিক কেটলি ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে । আদালতে কয় যে বৈদ্যুতিক কেটলি যোগান ধৰাটো তেওঁৰ অধিবক্তা আৰু পৰিয়ালৰ সদস্যৰ দায়িত্ব হ’ব ।
উল্লেখ্য যে, কেজৰিৱালে আদালতত কৈছিল যে তেওঁ ডায়েবেটিছ বা মধুমেহ ৰোগত আক্ৰান্ত । যাৰ বাবে সঘনে চাহ খাব লগা হয় ৷ আনহাতে কাৰাগাৰ প্ৰশাসনে কাৰাগাৰৰ নিয়ম অনুসৰিহে চাহ যোগান ধৰিব পাৰে ৷ তদুপৰি আদালতে তিহাৰ কাৰাগাৰ প্ৰশাসনক মুখ্যমন্ত্ৰী কেজৰিৱালৰ অধিবক্তাক জেল মেনুৱেল প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ।
এইখিনিতে কওঁ যে, ১ এপ্ৰিলৰ দিনা আদালতে ১৫ এপ্ৰিললৈকে কেজৰিৱালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । ন্যায়িক জিম্মাত থকা এই সময়খিনিত আদালতে কেজৰিৱালক ভাগৱত, গীতা, ৰামায়ণ আৰু প্ৰধানমন্ত্ৰীয়ে কেনেকৈ সিদ্ধান্ত লয় (How Prime Ministers Decide) শীৰ্ষক গ্ৰন্থ পঢ়িবলৈ অনুমতি দিছিল । আদালতে কেজৰিৱালক ঘৰুৱা খাদ্য আৰু জেলত চকী-টেবুল যোগান ধৰিবলৈয়ো অনুমতি দিছিল ।