নিউজ ডেস্ক, ২০ জানুৱাৰী :ছত্তীশগড়ৰ বালমেন্দ্ৰৰ ওচৰৰ বেলাম গুট্টা পাহাৰত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষত তিনিজন মাওবাদী (চৰকাৰীভাৱে সংখ্যা নিশ্চিত হোৱা নাই) নিহত হয় । শুকুৰবাৰে অঞ্চলটোত তীব্ৰ টহল আৰু অনুসন্ধান অভিযান চলোৱাৰ পৰিপ্ৰেক্ষিতত এই সংঘৰ্ষৰ সৃষ্টি হয় । অৱশ্যে মৃতকৰ সঠিক সংখ্যাৰ ওপৰত এতিয়াও আনুষ্ঠানিক নিশ্চিতিৰ বাবে অপেক্ষা কৰি থকা হৈছে ।
উল্লেখ্য যে এই ঘটনাৰ মাত্ৰ তিনিদিন পূৰ্বে দান্তেৱাড়া জিলাত আৰক্ষীয়ে তিনিজন মাওবাদীক আটক কৰিছিল । এগৰাকী বিষয়াই জনোৱা অনুসৰি, মাওবাদীকেইটাক দান্তেৱাড়াৰ টুমৰিগুণ্ডা, কোচালনাৰ আৰু মংগনাৰ অঞ্চলৰ অৰণ্যত জিলা ৰিজাৰ্ভ গাৰ্ড (ডিআৰজি) আৰু বস্তাৰ ফাইটাৰ দলৰ যুটীয়া দলে গ্ৰেপ্তাৰ কৰে । ইয়াৰ পূৰ্বে ১২ জানুৱাৰীত ছত্তীশগড় আৰক্ষীয়ে অঞ্চলটোত নজন মাওবাদীক গ্ৰেপ্তাৰ কৰিছিল ।
শুকুৰবাৰে আৰক্ষীয়ে গোপন সূত্ৰত খবৰ লাভ কৰে যে জিলা কমাণ্ড ইন চাৰ্জ (ডিভিচিএম) বিনোদ কৰ্মা, আৱাপল্লী স্থানীয় সাংগঠনিক দল (এলঅ'এছ) ৰাজু পুনেম, এ এম বিশ্বনাথ, গুড্ডু তেলমসহ প্ৰায় ২৫ জন সশস্ত্ৰ মাওবাদীয়ে বাচাগুড়া আৰক্ষী থানাৰ অধীনৰ অৰণ্যৰ ওচৰলৈ আহি আছে ।