অসম

assam

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 10:03 AM IST

ETV Bharat / bharat

নীটৰ পেপাৰ লিক কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ - NEET UG 2024 ROW

NEET Paper Leak Dhanbad : নীট কাণ্ডৰ সৈতে জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ চিবিআইৰ ৷ ধনবাদৰ পৰা চিবিআয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তজনক সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ৷

NEET PAPER LEAK CASE
নীটৰ পেপাৰ লিক কাণ্ড (ETV Bharat)

নেশ্যনেল ডেস্ক, 4 জুলাই:ঝাৰখণ্ডৰ ধনবাদত নীট পৰীক্ষাৰ পেপাৰ লিক সম্পৰ্কীয় গোচৰত চি বি আইয়ে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা । সূত্ৰ অনুসৰি, চিবিআইৰ দলটোৱে নীট-ইউ জি পেপাৰ লিক গোচৰত ৰবীন্দ্ৰ ওৰফে অমন সিং নামৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰে । অমন সিং এই কাণ্ডৰ মূল অভিযুক্ত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

দেওঘৰ আৰু হাজাৰীবাগৰ পিছত নীট পেপাৰ কেলেংকাৰীৰ যোগসূত্ৰ ধনবাদৰ সৈতে থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল ৷ এই তথ্যৰ ভিত্তিতে চিবিআয়ে ধনবাদত অভিযান চলায় । নতুন দিল্লীৰ পৰা অহা চি বি আইৰ দলটোৱে ধনবাদৰ হাউচিং কলনিৰ বাসিন্দা ৰবীন্দ্ৰ ওৰফে অমনক তথ্যৰ ভিত্তিত এটা এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰে । অমনক বৰ্তমান চি বি আয়ে সোধা-পোছা কৰি আছে ।

লগতে পঢ়ক:NEET-NET পৰীক্ষাৰ কেলেংকাৰীক কেন্দ্ৰ কৰি লখিমপুৰ-চিলাপথাৰত জ্বলিল শিক্ষামন্ত্ৰীৰ পুত্তলিকা - NEET UG 2024 ROW

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ঝাৰখণ্ডৰ নীট পেপাৰ লিক সম্পৰ্কীয় গোচৰত বহুতো তথ্য উন্মোচন হৈছে । আৰক্ষীয়ে বিহাৰৰ দেওঘৰত তালাচী চলাই এই পৰীক্ষাৰ বহুসংখ্যক প্ৰশ্নকাকত উদ্ধাৰ কৰে ৷

পৰৱৰ্তী সময়ত হাজৰিবাগৰ মৰুদ্যান বিদ্যালয় কেন্দ্ৰতো পোৱা গৈছিল এই পৰীক্ষাৰ প্ৰশ্নকাকত । যাৰ পিচত চি বি আইৰ দলটোৱে হাজাৰিবাগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিদ্যালয়খনৰ অধ্যক্ষক সোধা-পোছা অব্যাহত ৰাখিছিল ৷ এই গোচৰটোত এতিয়ালৈকে চিবিআয়ে মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

বৰ্তমানলৈকে চি বি আয়ে নীট পেপাৰ লিক গোচৰত ঝাৰখণ্ডৰ পৰা মুঠ 4 জন লোকক গ্ৰেপ্তাৰ কৰে । য'ত হাজৰিবাগৰ জামালুদ্দিন, মৰুদ্যান বিদ্যালয়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষও আছে । ইয়াৰোপৰি, অমন সিঙকো ধনবাদৰ পৰা গ্ৰেপ্তাৰ কৰে চি বি আয়ে ।

লগতে পঢ়ক:নীট বিতৰ্কৰ মাজতে এইবাৰ বাতিল UGC-NET পৰীক্ষা - NTA Cancels UGC NET

ABOUT THE AUTHOR

...view details