ETV Bharat / state

ভাওনাক আৰু এখোজ আগুৱাই নিবলৈ এদল মহিলাৰ আপ্ৰাণ চেষ্টা - BHAONA PERFORMED BY WOMEN

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Women Bhaona at Amguri: গুৰুজনাৰ আদৰ্শ, সৃষ্টিৰাজি জীয়াই ৰখাৰ বাবে এদল মহিলাৰ আপ্ৰাণ চেষ্টা । ভাওনা প্ৰদৰ্শনেৰে ঘৰুৱা কামৰ মাজতো যে মহিলাসকলে সংস্কৃতিৰ চৰ্চা কৰিব পাৰে তাৰেই নিদৰ্শন দাঙি ধৰিছে এদল উদ্যমী মহিলাই । অভিনয়ত মুগ্ধ অগণন দৰ্শক ।

Bhaona performed by women at Amguri in Sivasagar
শিৱসাগৰৰ আমগুৰিত মহিলাৰ দ্বাৰা ভাওনা প্ৰদৰ্শন (ETV Bharat Assam)

আমগুৰি,৩ অক্টোবৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য সৃষ্টি ভাওনা । সাম্প্ৰতিক সময়ত এই ভাওনা কেৱল পুৰুষৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই । পুৰুষৰ সমানে সমানে নাৰীয়েও গুৰুজনাৰ সৃষ্টিৰাজিক আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে । বিশেষকৈ নৱপ্ৰজন্মৰ শিক্ষিত মহিলা তথা যুৱতীসকলে শংকৰ-মাধৱৰ সৃষ্টিৰাজিক পৰিশিলিত ৰূপত আগবঢ়াই নিবৰ কাৰণে প্ৰয়াস কৰিছে ।

গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাক আৰু এখোজ আগুৱাই নিবলৈ আকাশীগংগা মহিলা দলে বিভিন্ন স্থানত প্ৰদৰ্শন কৰি আহিছে । আকাশীগংগা মহিলা সমাজত ৩৫ গৰাকী মহিলা জড়িত হৈ আছে । আমগুৰি, চাৰিং খনিকৰ, বছাশয়ক ডিব্ৰুৱাল, দেওৰজা, নামতিপুল, দিখৌমুখ, বেলিমুখীয়া আদি অঞ্চলৰ মহিলাই আকাশীগংগা মহিলা সমাজ সৃষ্টি কৰি ৰাজ্যৰ বিভিন্ন স্থানত ভাওনাত অভিনয় কৰি আহিছে ।

২০২৩ চনত ছেপ্টেম্বৰ মাহত গঠন কৰা ভাওনাৰ দলটিয়ে নামতিপুলত 'দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ' ভাওনা প্ৰদৰ্শন কৰাৰ লগতে গৌৰীসাগৰত 'শকুনিৰ প্ৰতিশোধ' ভাওনা প্ৰদৰ্শন কৰিছে । ভাওনা দলটিৰ যুৱতী আৰু বোৱাৰীসকলে বিভিন্ন চৰিত্ৰত অভিনয় কৰি হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰাৰ লগতে বিপুল হৰ্ষধ্বনি লাভ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ আকাশীগংগা মহিলা সমাজে শিৱসাগৰৰ গৌৰীসাগৰত 'শকুনিৰ প্ৰতিশোধ' ভাওনা প্ৰদৰ্শন কৰে ।

১৯ গৰাকী মহিলাই শকুনিৰ প্ৰতিশোধ নাটকত অভিনয় কৰাৰ লগতে ৰাইজৰ বিপুল সমাদৰ লাভ কৰে । মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ এই ভাওনাৰ দলটিয়ে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি ঐক্যৱদ্ধভাৱে বিভিন্ন স্থানত প্ৰদৰ্শন কৰি আহিছে । উল্লেখ্য যে মহাপুৰুষ শংকৰদেৱৰ অমূল্য সৃষ্টি ভাওনাৰ সফলতাৰ বাবে অঞ্চলটোৰ মহিলা সমাজে নিজৰ দৈনন্দিন ঘৰুৱা কাম-কাজৰ পিচতো বিগত দিনবিলাকত অনুশীলন চলাই আহিছে ।

ভাওনাসমূহত গীত-নৃত্য, বিৰহ-কাতৰ সকলো দৃশ্য অতি নিপুণভাৱে দৰ্শক বিৰক্ত নোহোৱাকৈ দাঙি ধৰিবলৈ সক্ষম হৈছে । আকাশীগংগা মহিলা সমাজৰ এনে পদক্ষেপে সমাজৰ বাবে এক শুভ বাৰ্তা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক: শ্ৰীশ্ৰীমাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে কলিয়াবৰত 'পিতা-পুত্ৰৰ যুদ্ধ' প্ৰদৰ্শন - Bhaona in Kaliabor

সফল সামৰণি পৰিল কলিয়াবৰৰ হাজাৰী ভাওনা ২০২৪ - Assam Historic Hazari Bhauna

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.