ETV Bharat / state

অৱশেষত ননী দেৱীয়ে ঘূৰাই পালে নিজৰ দোকান - Sivasagar Woman gets justice - SIVASAGAR WOMAN GETS JUSTICE

Sivasagar elderly woman Story: দীৰ্ঘদিনীয়া ন্যায়িক যুঁজৰ অন্তত সপোনৰ দোকানখন ঘূৰাই পাই মুখত হাঁহি বিৰিঙিছে ননী দেৱীৰ । পুত্ৰৰ চিকিৎসাৰ পৰা আৰম্ভ কৰি প্ৰতিটো মুহূৰ্ততে সাহস হিচাপে থিয় দিয়া অসমৰ মুখ্যমন্ত্ৰী আৰু দল-সংগঠনক কৃতজ্ঞতা জনালে মহিলাগৰাকীয়ে ।

Sivasagar elderly woman Story
অৱশেষত ননী দেৱীয়ে ঘূৰাই পালে নিজৰ দোকান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2024, 7:16 PM IST

শিৱসাগৰ,৩ অক্টোবৰ : উজনি অসমত অনা অসমীয়া আৰু মিঞা মুছলমান বিৰোধী প্ৰতিবাদ অব্যাহত আছে । উজনি অসমৰ পৰা মিঞা মুছলমানক খেদাক লৈ বিতৰ্কও চলি আছে । তাৰ মাজতে অনা অসমীয়াৰ বিৰুদ্ধে এগৰাকী খিলঞ্জীয়া বৃদ্ধাৰ বৃহৎ জয় ।

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু স্থানীয় প্ৰশাসনৰ সহযোগৰ বাবে আজি হাঁহি বিৰিঙিছে শিৱসাগৰৰ ননী দেৱী নামৰ ৬০ ঊৰ্ধ্বৰ মহিলাগৰাকীৰ মুখত । কিয়নো দীৰ্ঘদিনীয়া ন্যায়িক যুঁজৰ অন্তত ননী দেৱীয়ে ঘূৰাই পালে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন । মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ প্ৰচেষ্টাত বাস্তৱ হ'ল অসহায় বৃদ্ধাগৰাকীৰ সপোন ।

অৱশেষত ননী দেৱীয়ে ঘূৰাই পালে নিজৰ দোকান (ETV Bharat)

ননী দেৱীৰ প্ৰত্যাহ্বান

উল্লেখ্য যে ননী দেৱী হৈছে শিৱসাগৰ নগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগম বাছ আস্থানৰ সমীপৰ প্ৰয়াত অঞ্জন শৰ্মাৰ পত্নী । গোবিন দত্ত আৰু নাৰায়ণ পাল নামৰ দুজন ব্যক্তিয়ে ননী দেৱীৰ ব্যৱসায়িক প্ৰতিষ্ঠান জব্দ কৰি বিগত প্ৰায় ২০ বছৰ ধৰি অসহায় বৃদ্ধাগৰাকীক বিভিন্ন ধৰণৰ মানসিক হাৰাশাস্তি কৰি আহিছিল বুলি অভিযোগ আছে । লোক দুজনৰ ভয়ত একমাত্ৰ অসুস্থ পুত্ৰৰ সৈতে ঘৰৰ ভিতৰতে সোমাই থাকিব লগাও হৈছিল তেওঁ । ভয় শংকাত দিন কটোৱা বৃদ্ধাগৰাকীয়ে শেষত ইচ্ছা মৃত্যু বিচাৰি মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ।

বৃদ্ধাগৰাকীৰ অসহায় অৱস্থাৰ কথা ২০২২ চনৰ জুলাই মাহত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল । বাতৰি প্ৰকাশৰ পাছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃদ্ধাগৰাকীৰ একমাত্ৰ অসুস্থ পুত্ৰৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিছিল । লগতে ব্যৱসায়িক প্ৰতিষ্ঠান জব্দ কৰা বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰি ন্যায়িক যুঁজৰ বাবে সহযোগিতা আগবঢ়াইছিল । অৱশেষত আদালতৰ যুঁজত জয়ী হ'ল ননী দেৱী নামৰ বৃদ্ধাগৰাকী । দীৰ্ঘদিনৰ অন্তত ঘূৰাই পালে অনা অসমীয়াই জব্দ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান ।

অৱশেষত ন্যায় লাভ কৰি আনন্দ প্ৰকাশ কৰে বৃদ্ধাগৰাকীয়ে । অসমৰ মুখ্যমন্ত্ৰীৰ লগতে তেওঁক বিপদৰ সময়ত সহায় কৰা আৰু সাহস দিয়া শিৱসাগৰ আৰক্ষী, প্ৰতিগৰাকী লোক আৰু সংগঠনসমূহক কৃতজ্ঞতা জ্ঞাপন কৰিলে ।

লগতে পঢ়ক :হোমৰ গুৰিত বহাৰ সপোন সপোনেই হৈ ৰ’ল ধনমণিৰ - Mangaldoi YOUTH MYSTERIOUS DEAD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.