ETV Bharat / state

কাজিৰঙাৰ এখন সুকীয়া পৃথিৱীত পিকলু ডেকাৰ সংগ্ৰহালয় - Vintage Museum at Kaziranga

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Vintage Car and bike: গঁড়-বাঘৰ আশ্ৰয়ভূমি বিশ্ব ঐতিহ্যক্ষেত্ৰৰ পৰ্যটনত নতুন সংযোজন ৷ কাজিৰঙাৰ এখন সুকীয়া পৃথিৱীত পিকলু ডেকাৰ সংগ্ৰহালয় ৷ এই সংগ্ৰহালয়ত আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহৃত মডেলৰ বাইক, পেৰাট্ৰুপাৰ চাইকেল, ট্ৰাক আদিকে ধৰি বিভিন্ন পুৰণি সামগ্ৰী ৷

Vintage Car and bike
কাজিৰঙাৰ এখন সুকীয়া পৃথিৱীত পিকলু ডেকাৰ সংগ্ৰহালয় (Etv Bharat Assam)

কাজিৰঙা, ৩ অক্টোবৰ: এটা খৰ্গ থকা গঁড়, ঢেকীয়াপতীয়া বাঘ, বিভিন্ন পশু-পক্ষী, সৰীসৃপক নিজৰ বুকুত আশ্ৰয় দি বিশ্বৰ মানচিত্ৰত স্থান লাভ কৰিবৰ সক্ষম হোৱা কাজিৰঙাত স্থাপন হৈছে এটা আন্তৰ্জাতিক মানৰ সংগ্ৰহালয় ৷

কাজিৰঙালৈ আগমন ঘটা দেশী-বিদেশী পৰ্যটকৰ বাবে এই সংগ্ৰহালয় হৈছে কাজিৰঙা পৰ্যটনৰ আন এক সংযোজন ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল, কোনো চৰকাৰী সহযোগিতা অবিহনেই কাজিৰঙাত বিশ্বমানৰ সংগ্ৰহালয় প্ৰতিষ্ঠাৰ বাবে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে দিন-ৰাতি একাকাৰ কৰিছে এজন ব্যক্তিয়ে ৷

লগতে পঢ়ক: কেৱল এশিঙীয়া গঁড়েই নহয়; এতিয়াৰে পৰা কাজিৰঙালৈ আহিলে দেখা পাব ভিনটেজ কাৰ-বাইকো - Vintage Car Museum at Kaziranga

শ বছৰ পুৰণি গাড়ী, মটৰ চাইকেল, বিশ্বযুদ্ধত ব্যৱহৃত বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰি এইখন সংগ্ৰহালয় স্থাপন কৰিছে লোকজনে ৷ তেওঁৰ নাম পিকলু ডেকা ৷ পেছাত তেওঁ এগৰাকী অভিযন্তা ৷ জীৱনৰ সমস্তখিনি সঞ্চয় খৰচ কৰি সমাজখনৰ বাবে এক চানেকী এৰি যাব বিচাৰিছে এইজন পিকলু ডেকাই ৷ আমি সকলোৱেই জানো যে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈকে চলিছিল দ্বিতীয় বিশ্বযুদ্ধ ৷ কিন্তু, এই দ্বিতীয় বিশ্বযুদ্ধত কি কি সামগ্ৰী, মটৰ চাইকেল, গাড়ী বাৰু ব্যৱহাৰ হৈছিল জানিবলৈ হয়তো সকলোৰে মন যায় ৷

এইবোৰ স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সপোন পূৰণ কৰিবলৈ আগবাঢ়িছে পিকলু ডেকাই ৷ কাৰণ, কাজিৰঙাত মুকলি হোৱা সংগ্ৰহালয়টিত আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহৃত মডেলৰ বাইক, পেৰাট্ৰুপাৰ চাইকেল, ট্ৰাক আদিকে ধৰি বিভিন্ন পুৰণি সামগ্ৰী ৷ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী (অভিযন্তা) পিকলু ডেকাই বিগত ৩০ বছৰ ধৰি সংগ্ৰহ কৰি আহিছে এই সামগ্ৰীসমূহ ৷

লগতে পঢ়ক: অপেক্ষাৰ অন্ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৪-২৫ পৰ্যটন বৰ্ষ আৰম্ভ - Kaziranga National Park

ডেকাই কয়, সৰুতেই ডিব্ৰুগড়ত বিদ্যালয়ত পঢ়ি থকাৰ সময়ত ডেকাৰ চুবুৰীয়া বসন্ত ঘোষৰ ঘৰত ৰেণল্ট ফ’ৰ চি বি মডেলৰ এখন বাহন দেখি কিনাৰ আগ্ৰহ জন্মিছিল ৷ কিন্তু ডাঙৰ হৈ পঢ়ি শুনি চাকৰি জীৱন আৰম্ভ কৰি ডেকাৰ সৰুকালৰ সপোনৰ গাড়ীখন পিছে ক’তো বিচাৰি নাপালে ৷ তেতিয়ালৈকে সেইটো মডেলৰ গাড়ী বন্ধ হৈ পৰে ৷ তেনেতে, ৯০ দশকৰ আশে-পাশে তেওঁ এজন ব্যক্তিৰ চৌহদত উক্ত গাড়ীখন পৰি থকা দেখি সেইখন ৩৫০০/- টকাত ক্ৰয় কৰি ঘৰলৈ আনে ৷

সৰুৰে পৰাই ডাক-টিকট আদি সংগ্ৰহ কৰি ভালপোৱা পিকলু ডেকাই পুৰণি গাড়ী, বাইক আদিৰ এটা সংগ্ৰহালয় কৰাৰ সপোন দেখা আৰম্ভ কৰে ৷ সমান্তৰালভাৱে সংগ্ৰহ কৰি গ’ল ইখনৰ পিছত সিখন পুৰণি গাড়ী, বাইক, চাইকেল আৰু অন্যান্য সামগ্ৰী ৷ বহু লোকে ডেকাৰ এই আগ্ৰহক সঁহাৰি জনাই আগবঢ়ালে বিভিন্ন ধৰণৰ পুৰণি গাড়ী, বাইক আদি ৷ ডেকাৰ সংগ্ৰহালয়ত সম্প্ৰতি প্ৰায় ৬০ খন পুৰণি বিভিন্ন মডেলৰ গাড়ী, ৭০ খন মান বাইক, ৩০/৩৫ খন চাইকেলৰ লগতে ১৮৩৯ চনৰ এখন গ্ৰেণ্ড পিয়ানো, ১০০ বছৰ পুৰণি কুঠাৰ, মটৰ চাইকেলৰ আৰম্ভণিৰ সময়ৰে এলবিয়ন বাইক, ফ্ৰীজ, হেণ্ড পাম্প, ৰেডিঅ’ আদি ৰখা হৈছে ৷

লগতে পঢ়ক: সাজি-কাচি কাজিৰঙা সাজু : পৰ্যটকৰ বাবে এইবাৰ কি হ’ব বিশেষ ! - Kaziranga National Park

কাজিৰঙাৰ গেলেকীত নিৰ্মাণ কৰি উলিওৱা এই সংগ্ৰহালয়টি স্থাপন কৰাৰ ক্ষেত্ৰত পিকলু ডেকাৰ পত্নীৰ লগতে দুহিতা কাব্যা ডেকাই যথেষ্ট সহযোগ কৰিছে ৷ কাৰ্বি পাহাৰৰ নামনিত স্থাপন কৰা এই সংগ্ৰহালয়ৰ কেউফালৰ পৰিৱেশটিয়েও চকু জুৰ পেলায় ৷ ইপিনে, মুকলিৰ দিনাই কেইবাখনো পুৰণি বাইক, গাড়ী আৰু চাইকেলেৰে ৰাজপথত এটি ভিনটেজ কাৰ ৰেলীৰো ব্যৱস্থা কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.