ETV Bharat / sports

অনন্য জীৱনশৈলীৰে সৰ্বকালৰ 5 গৰাকী মহিলা টেনিছ তাৰকাক মনত আছেনে ? - TOP 5 WOMENS TENNIS PLAYER - TOP 5 WOMENS TENNIS PLAYER

Tennis players lifestyle: ভাৰতত অধিক প্ৰসাৰ লাভ নকৰিলেও বিদেশত সমাদৰ থকা এবিধ খেল হৈছে টেনিছ ৷ ভাৰতৰ অতি কমসংখ্যক খেলুৱৈহে এই খেলবিধত আধিপত্য দেখুৱাবলৈ সক্ষম হৈছে ৷ তেনে কেইগৰাকীমান খেলুৱৈৰ বিষয়ে সন্নিৱিষ্ট কৰি যুগুত কৰা হৈছে এই বিশেষ প্ৰতিবেদন ৷

TOP 5 WOMENS TENNIS PLAYER
সৰ্বকালৰ শ্ৰেষ্ঠ 5 গৰাকী মহিলা টেনিছ তাৰকা (Getty Images)
author img

By ETV Bharat Sports Team

Published : Oct 3, 2024, 7:16 PM IST

স্প’ৰ্টছ ডেস্ক, 3 অক্টোবৰ: টেনিছ হৈছে এক আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয় খেল । এক কথাত ক’ব গলে টেনিছ হৈছে এক উচ্চ শ্ৰেণীৰ খেল । অৱশ্যে ভাৰতত এতিয়াও এই খেলৰ বহুল জনপ্ৰিয়তা দেখিবলৈ পোৱা নাযায় । আন্তঃৰাষ্ট্ৰীয় স্তৰত সুনাম লাভ কৰা টেনিছ খেলুৱৈসকলৰ মাজত আছে অধিকাংশ মহিলা খেলুৱৈ । এনে পাঁচগৰাকী মহিলা টেনিছ খেলুৱৈৰ বিষয়ে জানো আহক-

ছেৰেণা উইলিয়ামছ: টেনিছ জগতত উইলিয়ামছ ভগ্নীদ্বয় বুলিলে আছে এক সুকীয়া স্থান ৷ ছেৰেণা উইলিয়ামছৰ জন্ম হয় 1981 চনৰ 26 ছেপ্টেম্বৰত মিচিগানৰ চাগিনাৱত ৷ শিক্ষা জীৱন সমাপ্তিৰ পিছত 1995 চনত খেলুৱৈগৰাকী নামি পৰে টেনিছ ক’ৰ্টত ৷ টেনিছ তাৰকাগৰাকীয়ে কেৰিয়াৰত পুৰষ্কাৰৰ ধন হিচাপে লাভ কৰিছিল 94,588,910 ডলাৰ ৷ 73 টাকৈ কেৰিয়াৰ খিতাপ দখল কৰা ছেৰেণাই দখল কৰিছিল একক শাখাত 23 টা গ্ৰেণ্ডশ্লেম খিতাপ ৷ 2022 চনত সকলো পেছাদাৰী জগতৰ পৰা অৱসৰ গ্ৰহণ কৰা ছেৰেণাৰ উপাৰ্জন হৈছে 260 মিলিয়ন ডলাৰ ৷ ফ’ৰ্বছে প্ৰকাশ কৰা তথ্য অনুসৰি, 2024 চনৰ জুন মাহলৈ ছেৰেণা উইলিয়ামছৰ উপাৰ্জন 10 নিযুত ডলাৰলৈ বৃদ্ধি পায় ৷

TOP 5 WOMENS TENNIS PLAYER
উইলিয়ামছ ভগ্নীদ্বয় (Getty Images)

ষ্টেফি গ্ৰাফ: এসময়ৰ জনপ্ৰিয় টেনিছ তাৰকা ষ্টেফি গ্ৰাফৰ জন্ম হৈছিল 1969 চনৰ 14 জুনত ৷ পশ্চিম জাৰ্মানীৰ বাডেন-ৱুৰ্টেমবাৰ্গৰ মানহেইমত জন্মগ্ৰহণ কৰে খেলুৱৈগৰাকীয়ে ৷ 1982 চনত কেৰিয়াৰৰ আৰম্ভণি কৰে গ্ৰাফে ৷ 107 টাকৈ কেৰিয়াৰৰ খিতাপ অৰ্জন কৰা টেনিছ তাৰকাগৰাকীৰ নামত আছে 22 টা একক গ্ৰেণ্ডশ্লেম খিতাপ ৷ য’ত আছে 4 টা অষ্ট্ৰেলিয়ান অ’পেন, 6 টা ফ্ৰেন্স অ’পেন, 7 টা উইম্বলডন আৰু 5 টাকৈ ইউ এছ অ’পেনৰ খিতাপ ৷ কেৰিয়াৰত পুৰষ্কাৰৰ ধন হিচাপে টেনিছ তাৰকাগৰাকীয়ে লাভ কৰে 21,891,306 ডলাৰ ধন ৷ 2004 চনত টেনিছ হল অফ ফেমত অন্তৰ্ভুক্ত হোৱা খেলুৱৈগৰাকীয়ে 1999 চনত অৱসৰ গ্ৰহণ কৰে ৷ 2016 চনত গ্ৰাফ আৰু তেওঁৰ স্বামী আন্দ্ৰে আগাছীয়ে এক এথলীট-ভিডিঅ' ছাইটত ধন বিনিয়োগ কৰে ৷

TOP 5 WOMENS TENNIS PLAYER
ষ্টেফি গ্ৰাফ (Getty Images)

মাৰ্টিনা নাভ্ৰাটিলোভা: এইগৰাকী টেনিছ তাৰকাৰ জন্ম হয় 1956 চনৰ 18 অক্টোবৰত ৷ চেকোশ্ল’ভাকিয়াৰ প্ৰাগত জন্মগ্ৰহণ কৰা মাৰ্টিনাই 1975 চনত টেনিছ জগতত প্ৰৱেশ কৰে ৷ 1994 চনত অৱসৰ গ্ৰহণ কৰা খেলুৱৈগৰাকীয়ে পুৰস্কাৰৰ ধন হিচাপে লাভ কৰে 21,626,089 ডলাৰ ৷ অভিলেখসংখ্যক 167 টা কেৰিয়াৰ খিতাপ অৰ্জন কৰা মাৰ্টিনা নাভ্ৰাটিলোভাই 18 টাকৈ গ্ৰেণ্ড শ্লেম একক খিতাপ দখল কৰে ৷ য’ত আছে 3 টা অষ্ট্ৰেলিয়ান অ’পেন, 2 টা ফ্ৰেন্স অ’পেন, 9 টা উইম্বলডন আৰু 4 টা ইউ এছ অ’পেনৰ খিতাপ ৷ 2000 চনত টেনিছ হল অফ ফেমত অন্তৰ্ভুক্ত হৈছিল এইগৰাকী খেলুৱৈ ৷

TOP 5 WOMENS TENNIS PLAYER
মাৰ্টিনা নাভ্ৰাটিলোভা (Getty Images)

ভেনাছ উইলিয়ামছ: ছেৰেণা উইলিয়ামছৰ ভগ্নী ভেনাছ উইলিয়ামছৰ জন্ম হৈছিল 1980 চনৰ 17 জুনত কেলিফ’ৰ্ণিয়াৰ লিনউডত ৷ 1994 চনত কেৰিয়াৰৰ পাতনি মেলা তাৰকা খেলুৱৈগৰাকীয়ে 49 টাকৈ খিতাপ অৰ্জন কৰে ৷ সমগ্ৰ কেৰিয়াৰত পুৰষ্কাৰৰ ধন হিচাপে খেলুৱৈগৰাকীয়ে উপাৰ্জন কৰিছিল 42,648,697 ডলাৰ ৷ তদুপৰি 7 টাকৈ গ্ৰেণ্ডশ্লেম নিজৰ নামত কৰিছিল ভেনাছে ৷ 2023 চনত প্ৰকাশিত তথ্য অনুসৰি, খেলুৱৈগৰাকীৰ উপাৰ্জন হৈছে 95 মিলিয়ন ডলাৰ ৷

মাৰ্টিনা হিংগিছ: 1980 চনৰ 30 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰে এইগৰাকী টেনিছ তাৰকাই ৷ চেকোশ্ল’ভাকিয়াৰ কোচিচত জন্মগ্ৰহণ কৰা মাৰ্টিনাই পৰৱৰ্তী সময়ত বসবাস কৰিবলৈ লয় ছুইজাৰলেণ্ডৰ ফুইচিছবাৰ্গত ৷ 1994 চনত টেনিছ জগতত আত্মপ্ৰকাশ কৰা খেলুৱৈগৰাকীয়ে 45 টাকৈ খিতাপ নিজৰ নামত কৰিছিল ৷ যাৰ ভিতৰত আছে 3 টা অষ্ট্ৰেলিয়ান অ’পেন, এটা উইম্বলডন অ’পেন, এটা ইউ এছ অ’পেনৰ খিতাপকে ধৰি মুঠ 5 টাকৈ গ্ৰেণ্ড শ্লেম একক খিতাপ ৷ 2017 চনত অৱসৰ গ্ৰহণ কৰা মাৰ্টিনা হিংগিছে পুৰষ্কাৰৰ ধন হিচাপে লাভ কৰিছিল 24,749,074 ডলাৰ ৷

TOP 5 WOMENS TENNIS PLAYER
মাৰ্টিনা হিংগিছ (Getty Images)

লগতে পঢ়ক: বিশ্বৰ আগশাৰীৰ 5 গৰাকী পুৰুষ টেনিছ তাৰকা; যাৰ বিলাসী জীৱনশৈলীয়ে আকৃষ্ট কৰিব আপোনাক - TOP 5 TENNIS PLAYERS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.