অসম

assam

ETV Bharat / bharat

দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত কে কবিতাৰ ন্যায়িক জিম্মা বৃদ্ধি - MLC Kavitha custody extended

MLC Kavitha custody extended: বিআৰএছ নেত্ৰী কে কবিতাৰ ন্যায়িক জিম্মাৰ ম্যাদ সমাপ্ত হোৱাৰ পিচত শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হয় । চিবিআইৰ অধিবক্তাৰ যুক্তিৰ আধাৰত আদালতে তেওঁৰ জিম্মা ১৮ জুলাইলৈ বৃদ্ধি কৰে । দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত শীঘ্ৰে আবেদন দাখিল কৰিব কবিতাৰ পক্ষই ।

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 12:38 PM IST

MLC Kavitha custody extended
দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত কে কবিতাৰ ন্যায়িক জিম্মা বৃদ্ধি (ETV Bharat)

নেশ্যনেল ডেস্ক, ৬ জুলাই :দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা বিআৰএছ নেত্ৰী কে কবিতাৰ ন্যায়িক জিম্মা পুনৰ বৃদ্ধি কৰা হৈছে । ৰাউজ এভিনিউ আদালতে সুৰা নীতি কেলেংকাৰী সম্পৰ্কীয় চিবিআইৰ এটা গোচৰত কে কবিতাৰ ন্যায়িক জিম্মা জুলাইৰ ১৮ তাৰিখলৈ বৃদ্ধি কৰিছে । ন্যায়াধীশ কাবেৰী বাৱেজাই এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰে ।

শুকুৰবাৰে কে কবিতাৰ জিম্মাৰ ম্যাদ সমাপ্ত হোৱাৰ লগে লগে তেওঁক তিহাৰ কাৰাগাৰৰ পৰা ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল । কবিতাৰ অধিবক্তাই চিবিআইৰ জিম্মা বৃদ্ধিৰ আবেদনৰ বিৰোধিতা কৰিছিল । ন্যায়াধীশে চিবিআইৰ অধিবক্তাসকলৰ যুক্তিৰ ওপৰত নিৰ্ভৰ কৰি নেত্ৰীগৰাকীৰ জিম্মা বৃদ্ধি কৰে ।

চিবিআইৰ অধিবক্তাই যুক্তি দিছিল যে গোচৰটোৰ তদন্ত চলি আছে আৰু যদি তেওঁক জামিন প্ৰদান কৰা হয়, তেনেহ'লে সাক্ষীসকলক প্ৰভাৱিত কৰিব পাৰে । ইফালে আদালতে শনিবাৰে কে কবিতাৰ বিৰুদ্ধে চিবিআইয়ে দাখিল কৰা অভিযোগনামাৰ ওপৰত শুনানি গ্ৰহণ কৰিব ।

শুকুৰবাৰে বিআৰএছৰ নেতা কেটিআৰ আৰু হৰিশ ৰাৱে তিহাৰ কাৰাগাৰত কে কবিতাক সাক্ষাৎ কৰে । তেওঁলোকে উচ্চতম ন্যায়ালয়ত দাখিল কৰিবলগীয়া আবেদনৰ বিষয়ে আলোচনা কৰে । দিল্লী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰা ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰিব আবেদন ।

উচ্চতম ন্যায়ালয়ত আবেদনখন ৮ জুলাইত দাখিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে । তেতিয়ালৈকে দুয়োগৰাকী নেতা দিল্লীতে থাকিব আৰু অধিবক্তাসকলৰ সৈতে সমন্বয় ৰাখিব । দুয়োগৰাকী নেতাই বিআৰএছ নেত্ৰী কে কবিতাক আশ্বাস দিয়ে যে তেওঁলোকৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে আৰু তেওঁ সোনকালেই জামিন লাভ কৰিব ।

লগতে পঢ়ক :কাৰামুক্ত হৈ পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ হেমন্ত ছোৰেনৰ - HEMANT SOREN

ABOUT THE AUTHOR

...view details