ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ কৰ্বিন বছৰ বিৰল কৃতিত্ব অৰ্জন - DEBUTANT CORBIN BOSCH RECORDS

পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথম টেষ্টৰ সময়ত নৱাগত কৰ্বিন বছে ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰে ।

Debutant Corbin Bosch records
কৰ্বিন বছে ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰে (AP)
author img

By ETV Bharat Assamese Team

Published : 15 hours ago

চেঞ্চুৰিয়ান : চেঞ্চুৰিয়ানৰ ছুপাৰস্পৰ্ট পাৰ্কত পাকিস্তানৰ বিৰুদ্ধে প্ৰথম টেষ্টত টেষ্ট অভিষেক স্মৰণীয় কৰি তুলিবলৈ কোনো ধৰণৰ চেষ্টাৰ ত্ৰুটি কৰা নাই কৰ্বিন বছে । টেষ্ট মেচৰ আৰম্ভণিৰ দিনা সোঁহতীয়া পেচাৰজনে নিজৰ কেৰিয়াৰৰ প্ৰথম বলতে উইকেট লোৱা প্ৰথম দক্ষিণ আফ্ৰিকান হিচাপে পৰিগণিত হয় । দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰজনে দ্বিতীয়দিনা বেটেৰেও এক আকৰ্ষণীয় ইনিংছ উপহাৰ দি পুনৰ এবাৰ ৰেকৰ্ড বুকত নিজৰ নাম সন্নিৱিষ্ট কৰে ।

টেষ্টৰ দ্বিতীয় দিনা বছে অৰ্ধশতক অৰ্জন কৰে । ইয়াৰ লগে লগে অভিষেক টেষ্টত চাৰিটা উইকেট আৰু অৰ্ধশতক অৰ্জন কৰা প্ৰথম দক্ষিণ আফ্ৰিকান ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় । টেষ্টৰ দ্বিতীয় দিনা তেওঁ সৃষ্টি কৰা এইটো একমাত্ৰ ৰেকৰ্ডেই নাছিল, ইয়াৰ দ্বাৰা তেওঁ 122 বছৰ পুৰণি এক মাইলৰ খুঁটিও অতিক্ৰম কৰে ।

তেওঁ দক্ষিণ আফ্ৰিকাৰ বেটিং ক্ৰমৰ ৮ নম্বৰ স্থান বা তাৰ তলত সৰ্বাধিক স্ক'ৰ সংগ্ৰহ কৰে । তেওঁ ৮১ ৰাণৰ এক অপৰাজিত ইনিংছ উপহাৰ দিয়ে । ইয়াৰ লগে লগে এইটো টেষ্ট ইতিহাসৰ প্ৰথম উদাহৰণ হৈ পৰে, য'ত এগৰাকী বেটাৰে 9 নম্বৰ স্থানত বেটিং কৰি অভিষেকতে 80 তকৈ অধিক ৰাণ সংগ্ৰহ কৰে ।

৩০ বছৰীয়া খেলুৱৈগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ ইনিংছ উপহাৰ দিয়ে আৰু দক্ষিণ আফ্ৰিকাক আলহী দলটোৰ প্ৰথম ইনিংছৰ বিপৰীতে ৯০ ৰাণৰ অগ্ৰগতি লাভ কৰাত সহায় কৰে । প্ৰথম ইনিংছত পাকিস্তানৰ ২১১ ৰাণৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই ৩০১ ৰাণ সংগ্ৰহ কৰে ।

পাকিস্তানৰ হৈ কামৰান গোলাম হৈছে অৰ্ধশতক অৰ্জন কৰা একমাত্ৰ বেটাৰ । আনহাতে, আন বেটছমেনসকলে ৰাণ সংগ্ৰহ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগা হয় । ডেন পিটাৰছনে পাঁচটা উইকেট দখল কৰাৰ লগতে কৰ্বিন বছে চাৰিটা উইকেট দখল কৰে ।

টেষ্ট মেচখনৰ তৃতীয় দিনটো অতি গুৰুত্বপূৰ্ণ হ'ব । কিয়নো ক্ৰীজত বাবৰ আজম (১৬) আৰু সাউদ চাকিল (৮) আছে আৰু পাকিস্তান দুই ৰাণত পিছপৰি আছে । ইফালে দক্ষিণ আফ্ৰিকাৰ বাবে এই টেষ্টখনত বিজয় গুৰুত্বপূৰ্ণ হ'ব । কিয়নো ইয়াৰ দ্বাৰা দলটোক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউ টি চি) ফাইনেলত স্থান সুৰক্ষিত কৰাত সহায় কৰিব ।

লগতে পঢ়ক :মেলবৰ্ণত ক'লা বেণ্ড পৰিধান কৰি খেলপথাৰত ভাৰতীয় দল - PM MANMOHAN SINGH DIED
লগতে পঢ়ক :জো ৰুট আৰু বিৰাট কোহলীকো পিচ পেলাই মেলবৰ্ণত ষ্টীভ স্মিথে ৰচিলে ইতিহাস - IND VS AUS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.