নেশ্যনেল ডেস্ক, 20 এপ্ৰিল:ওড়িশাত মৰ্মান্তিক ঘটনা ৷ঝাৰছুগুড়াত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা । মৃতকৰ সংখ্যা 7 জনলৈ বৃদ্ধি । নিহত আটাইকেইজন ব্যক্তি ছত্তীশগড়ৰ বুলি জানিব পৰা গৈছে । বৰগড় জিলাৰ আম্বাভোনা ব্লকৰ অন্তৰ্গত পাথাৰসেনীলৈ ফেৰীৰে গৈ আছিল ছত্তীশগড়ৰ লোককেইজন ৷ যাত্ৰা অব্যাহত থকা অৱস্থাতে এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় ।
যাত্ৰীবাহী নাওখনে মহিলা, শিশুসহ প্ৰায় 50 গৰাকী যাত্ৰীক কঢ়িয়াই লৈ গৈছিল ৷ জানিব পৰা মতে, যাত্ৰীবাহী নাওখন মহানদী নদীত বাগৰি পৰাত সংঘটিত হয় দুৰ্ঘটনাৰ ঘটনাটো । মাছমৰীয়াই উদ্ধাৰ কৰিবলৈ সক্ষম হয় 40 জনৰো অধিক যাত্ৰীক ৷ বহুসংখ্যক যাত্ৰী বৰ্তমানেও নিৰুদ্দেশ অৱস্থাত আছে । বাতৰি যুগুত কৰা পৰ্যন্ত উদ্বাৰ হৈছে সাতজন লোকৰ মৃতদেহ ৷
শোকাৱহ ঘটনাটো সন্দৰ্ভত শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনাইকে । মৃতকৰ শোকসন্তপ্ত পৰিয়াললৈ 4 লাখ টকাৰ এক্স-গ্ৰেচিয়া সাহায্যৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।