অসম

assam

ETV Bharat / bharat

POCSO গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি - Arrest warrant against Yediyurappa - ARREST WARRANT AGAINST YEDIYURAPPA

Former CM B S Yediyurappa : যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন গোচৰত এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি ৷ বাসগৃহত এখন বৈঠকৰ সময়ত এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে ৷

ARREST WARRANT AGAINST YEDIYURAPPA
প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা (IANS Photo)

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 9:35 PM IST

নেশ্যনেল ডেস্ক, 13 জুন :বেংগালুৰুৰ এখন আদালতে বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা বি এছ য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে POCSO গোচৰত জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ৷ য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন (POCSO) গোচৰৰ তদন্ত কৰি থকা অপৰাধ অনুসন্ধান বিভাগে (চি আই ডি) ইয়াৰ পূৰ্বে তেওঁক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল ৷

অৱশ্যে তেওঁ চি আই ডিৰ তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ সময় বিচাৰিছিল ৷ দলৰ সংসদীয় ব’ৰ্ডৰ সদস্য, বিজেপিৰ প্ৰবীণ নেতাগৰাকী বৰ্তমান দিল্লীত আছে আৰু তেওঁ ঘূৰি অহাৰ পিচত তদন্তত সহযোগ কৰাৰ সম্ভাৱনা আছে বুলি তেওঁৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে ৷

আৰক্ষীৰ মতে, 17 বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰা কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে POCSO আইন আৰু ভাৰতীয় দণ্ডবিধিৰ 354 এ (যৌন নিৰ্যাতন) ধাৰাত গোচৰ ৰুজু কৰা হৈছে ৷ মাতৃৰ অভিযোগ অনুসৰি চলিত বৰ্ষৰ দুই ফেব্ৰুৱাৰীত ডলাৰছ কলনীত থকা তেওঁৰ বাসগৃহত এখন বৈঠকৰ সময়ত তেওঁৰ কন্যাক যৌন নিৰ্যাতন চলাইছিল বিজেপি নেতাগৰাকীয়ে ৷

সদাশিৱনগৰ আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰাৰ কেইঘণ্টামানৰ পাচত 14 মাৰ্চত কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান আলোক মোহনে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অধিক তদন্তৰ বাবে চি আই ডিলৈ হস্তান্তৰ কৰি এক নিৰ্দেশ জাৰি কৰে ৷ য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা 54 বছৰীয়া মহিলাগৰাকীৰ যোৱা মাহত এখন ব্যক্তিগত চিকিৎসালয়ত হাওঁফাওঁৰ কৰ্কট ৰোগৰ ফলত মৃত্যু হৈছিল ৷

ইফালে 81 বছৰীয়া য়েদিয়ুৰাপ্পাই এই অভিযোগ অস্বীকাৰ কৰি এই গোচৰ আইনীভাৱে যুঁজিব বুলি কয় ৷ এপ্ৰিল মাহত চি আই ডিয়ে য়েদিয়ুৰাপ্পাক কাৰ্যালয়লৈ মাতি অনাৰ পিচত তেওঁৰ কণ্ঠৰ নমুনা সংগ্ৰহ কৰিছিল ৷ আনহাতে চৰকাৰে এই গোচৰত চি আই ডিক প্ৰতিনিধিত্ব কৰিবলৈ বিশেষ ৰাজহুৱা অধিবক্তা (এছ পি পি) অশোক এইচ নায়কক নিযুক্তি দিছে ৷ য়েদিয়ুৰাপ্পাই এফ আই আৰ বাতিলৰ বাবে আদালতত আবেদন দাখিল কৰিছে ৷

লগতে পঢ়ক :মোহন ভাগৱতৰ মন্তব্যৰ পিচত মোদীয়ে মণিপুৰ ভ্ৰমণ কৰিবনে ? উদ্ধৱ থাকৰেৰ প্ৰশ্ন - Manipur violence

ABOUT THE AUTHOR

...view details