নেশ্যনেল ডেস্ক,২৩ জানুৱাৰী :অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে অগণন ভক্তৰ ভিৰ দেখা গৈছে । দেশ-বিদেশৰ ভক্তসকলে ইতিমধ্যে অযোধ্যালৈ ৰাওনা হৈছে । মঙলবাৰে পুৱতি নিশাৰ পৰাই ৰাম মন্দিৰত ভক্তৰ অভাৱনীয় ভিৰ দেখা গৈছে । পুৱাৰে পৰা মন্দিৰৰ দুৱাৰত ভক্তৰ লানি নিছিগা ভিৰ দেখা গৈছে । যাৰ বাবে স্থানীয় আৰক্ষী সমস্যাত পৰিছে । এনে পৰিস্থিতিত লক্ষ্ণৌৰ বাৰাবাঁকী আৰক্ষীয়ে লোকসকলক মঙলবাৰে অযোধ্যা ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে ।
উল্লেখ্য যে ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিচতে মঙলবাৰে ৰাম মন্দিৰৰ দুৱাৰ সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হয় । লগে লগে উত্তৰ প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা হাজাৰ হাজাৰ ভক্ত অযোধ্যালৈ আহিছে । এনে পৰিস্থিতিত লক্ষ্ণৌৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত থকা বাৰাবাঁকীৰ পৰা অযোধ্যাৰ ফালে যান-বাহন চলাচল পৰিৱৰ্তন কৰা হৈছে আৰু খোজকাঢ়ি যাত্ৰা কৰা ভক্তসকলকো আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰিছে ।