নিউজ ডেস্ক, ২৪ জুন :জয়পুৰত এগৰাকী মহিলা বেংক মেনেজাৰক পাঁচ ঘণ্টা ধৰি ভিডিঅ' কলত ব্যস্ত ৰাখি ১৭ লাখ টকা প্ৰতাৰণা কৰা বুলি দেওবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে । ফোন কৰোতাই মহিলাগৰাকীক ভাবুকি দিয়ে যে তেওঁৰ আধাৰ কাৰ্ডৰ পৰা তেওঁৰ নামত জাৰি কৰা এখন ছিম কাৰ্ড অবৈধ কাৰ্যকলাপ চলাবলৈ ব্যৱহাৰ কৰা হৈছে । ইয়াৰ পিচত মুম্বাই আৰক্ষীৰ বিষয়া হিচাপে নিজকে পৰিচয় দি আন এজন দুৰ্বৃত্তই তেওঁৰ সৈতে ভিডিঅ' কলত কথা পাতে । এই সন্দৰ্ভত বৰ্তমান জয়পুৰ আৰক্ষী আয়ুক্তালয়ৰ চাইবাৰ অপৰাধ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ।
চাইবাৰ অপৰাধ কেন্দ্ৰৰ বিষয়া চন্দ্ৰ প্ৰকাশে জনোৱা মতে, ভুক্তভোগী মহিলা বেংক মেনেজাৰগৰাকীয়ে আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে । তেওঁ গোচৰত উল্লেখ কৰে যে 20 জুনৰ পুৱা তেওঁৰ মোবাইললৈ এটা ফোন আহে । ফোন কৰোতাজনে নিজকে ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষৰ এগৰাকী প্ৰতিনিধি হিচাপে পৰিচয় দি কয় যে মহাৰাষ্ট্ৰত তেওঁৰ আধাৰ কাৰ্ডৰ পৰা জাৰি কৰা এখন ছিম কাৰ্ড অবৈধ কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছে । কিন্তু এই সন্দৰ্ভত ভুক্তভোগীৰ ওচৰত কোনো তথ্য নাই বুলি বিষয়টো অস্বীকাৰ কৰাত ফোন কৰোতাজনে মুম্বাই আৰক্ষী বিষয়াৰ সৈতে তেওঁক কথা পতাই দিব বুলি কৈ কলটো বিচ্ছিন্ন কৰে ।
ছফ্টৱেৰ ইনষ্টল কৰাই ভিডিঅ' কল : ইয়াৰ পিচত ভুক্তভোগীয়ে আন এটা কল লাভ কৰে । কলটোত ফোন কৰোতাজনে নিজকে বিনয় খান্না বুলি পৰিচয় দিয়ে । কিন্তু তেওঁ কলটোৰ সংযোগ বিচ্ছিন্ন কৰি দিয়াত লগে লগে পুনৰ আন এটা নম্বৰৰ পৰা ফোন কল লাভ কৰে আৰু স্কাইপ ছফ্টৱেৰ ইনষ্টল কৰাই ভিডিঅ' কলত কথা পাতে । তাৰ পিচত কল কৰোতাই ৰিজাৰ্ভ বেংকৰ ভেৰিফিকেচনৰ নামত ভুক্তভোগীক তেওঁৰ একাউণ্টলৈ ২০ লাখ টকা ট্ৰেন্সফাৰ কৰিবলৈ কয় ।
6-8 ঘণ্টাৰ ভিতৰত ধন ঘূৰাই দিয়াৰ দাবী
কিন্তু কল কৰা দুষ্ট চাইবাৰ প্ৰৱঞ্চকৰ কথাত পতিয়ন গৈ ভুক্তভোগীয়ে তেওঁৰ স্থায়ী জমা ভাঙি তেওঁৰ বেংক একাউণ্টলৈ 17 লাখ টকা ট্ৰেন্সফাৰ কৰে । চাইবাৰ প্ৰৱঞ্চকে তেওঁক কৈছিল যে ভেৰিফিকেচনৰ পিচত, 6-8 ঘণ্টাৰ ভিতৰত এই ধন তেওঁৰ একাউণ্টলৈ ঘূৰি আহিব । কিন্তু বাকী ৩ লাখ টকাও জমা কৰিব লাগিব । ইয়াৰ পিচত কিন্তু তেওঁ ট্ৰেন্সফাৰ কৰা 17 লাখ টকা ঘূৰাই নাপালে ।