আগৰতলা :সোমবাৰে ত্ৰিপুৰাৰ আগৰতলা ৰে’লৱে ষ্টেচনৰ পৰা আটক কৰা হয় ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা দুগৰাকী বাংলাদেশী মহিলাক ৷ সংবাদ সংস্থা ANI ৰ আগত এই কথা সদৰী কৰে আগৰতলা চৰকাৰী ৰে’ল আৰক্ষীৰ (Government Railway Police চমুকৈ GRP) ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৷
বিভাগীয় এগৰাকী বিষয়াই উল্লেখ কৰা মতে, GRP, ৰে’লৱে সুৰক্ষা বাহিনী (Railway Protection Force চমুকৈ RPF), সীমান্ত সুৰক্ষা বাহিনী (Border Security Force চমুকৈ BSF) আৰু চোৰাংচোৱা বিভাগে যৌথভাৱে এই অভিযান চলায় ৷ এই অভিযান কালত সোমবাৰে বিয়লি বাংলাদেশৰ শ্বৰীয়তপুৰ জিলাৰ বাসিন্দা নিলুফা বেগম (৩৪) আৰু জিয়াছমিন (৩০) নামৰ দুগৰাকীক আটক কৰা হয় ।
আৰক্ষীয়ে জনোৱা মতে, ধৃত দুই মহিলাই আন এখন ৰাজ্যলৈ যোৱাৰ উদ্দেশ্যে ৰে’ল ষ্টেচনত উপস্থিত হৈছিল ৷ প্ৰাৰম্ভিক তদন্তত তেওঁলোকৰ গন্তব্যস্থান ৰাজধানী চহৰ দিল্লী বুলি আৰক্ষীৰ আগত উল্লেখ কৰে । শেহতীয়াকৈ লাভ কৰা তথ্য মতে, মহিলা বিষয়াৰ সহযোগত আগৰতলা GRP থানাত তেওঁলোকক ৰাখি অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে ৷
তেওঁলোকৰ সৈতে আৰু কোনো ব্যক্তি জড়িত হৈ থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ এই গোচৰৰ তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে অধিক লোক আটক হোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে উল্লেখ কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আগৰতলা GRP থানাত এটা গোচৰ ৰুজু কৰা হৈছে । মঙলবাৰে ধৃত দুয়োকে আদালতত হাজিৰ কৰা হ’ব ।
দিল্লী :আনহাতে, অবৈধ অনুপ্ৰৱেশৰ চক্ৰ উৎখাত কৰাৰ বাবে তৎপৰ হৈছে দিল্লী আৰক্ষী ৷ ইতিমধ্যে দিল্লী আৰক্ষীয়ে অবৈধ অনুপ্ৰৱেশৰ এক বৃহৎ চক্ৰ উৎখাত কৰিছে ৷ এই অভিযানকালত ভুৱা আধাৰ, ভুৱা ৱেবছাইট তৈয়াৰ কৰাত জড়িত কাৰিকৰী বিশেষজ্ঞকে (technician) ধৰি মুঠ ১১ জন ব্যক্তিক আটক কৰে ৷