অসম

assam

ETV Bharat / bharat

বিশ্বৰ প্ৰথম জৈৱিক ৰাজ্য ছিকিমত বাঁহৰ বটল-সামগ্ৰীৰ বিপ্লৱ - SIKKIM BAMBOO WATER BOTTLE

কেৱল উত্তৰ-পূৰ্বাঞ্চলেই নহয়, দেশৰ ভিতৰত ছিকিম এখন প্লাষ্টিকবৰ্জিত আৰু জৈৱিক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰি বিশ্বৰ ভিতৰতে স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

Sikkim Bamboo Water Bottle
ছিকিমত বাঁহৰ বটল-সামগ্ৰীৰ বিপ্লৱ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 3:13 PM IST

তেজপুৰ:ছিকিমে বিশ্বৰ ভিতৰতে প্ৰথম জৈৱিক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছে । ছিকিমত প্লাষ্টিকৰ বটলৰ বিকল্প হিচাপে পৰ্যটকৰ বাবে প্ৰৱৰ্তন কৰা হৈছে বাঁহৰ পানীৰ বটল । এই ক্ষেত্ৰত লাচেন হৈছে প্ৰথমখন চহৰ, যিয়ে পেকেটিং খোৱাপানী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি তাৰ পৰিৱৰ্তে বাঁহৰ বটল প্ৰৱৰ্তন কৰে ।

ছিকিমত বৰ্জন প্লাষ্টিকৰ পানী বটল

ছিকিমত বাঁহৰ বটল-সামগ্ৰীৰ বিপ্লৱ (ETV Bharat Assam)

তথ্য অনুসৰি, লাচেনত প্লাষ্টিকৰ আৱৰ্জনা বৰ্জন কৰাৰ সিদ্ধান্ত ২০১১ চনত লোৱা হৈছিল । তেতিয়াই তেওঁলোকে প্লাষ্টিক মোনা নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল । ইয়াৰ পিছত আন দুখন চহৰ লাচুং আৰু চুংথাঙে পেকেটৰ খোৱাপানী ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰে ।

ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান চমুকৈ এছ আৰ এল এম হৈছে ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ ৰূপায়ণ কৰা কামৰ তদাৰক কৰিবলৈ স্থাপন কৰা এক স্বতন্ত্ৰ সংস্থা । সংস্থাটোৱে এই বিষয়সমূহ সম্পূৰ্ণৰূপে তদাৰক কৰে আৰু স্থানীয় আত্মসহায়ক গোটসমূহৰ জৰিয়তে সজাগতা সৃষ্টি কৰি প্লাষ্টিক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

ইন্দ্ৰকান্ত কাৰি লিম্বু (ETV Bharat Assam)

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্রেম সিং টামাঙৰ নেতৃত্বত এই সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে বুলি নাম প্ৰকাশত অনিচ্ছুক এগৰাকী চৰকাৰী ব্যক্তিয়ে জনায় । বৰ্তমান এই আত্মসহায়ক গোটসমূহৰ জৰিয়তে পৰ্যটকৰ বাবে বাঁহৰে নিৰ্মিত খোৱাপানীৰ বটল প্ৰস্তুত কৰি সেইসমূহ ৰাজধানী গেংটকত বিশেষ ষ্টলত বিক্ৰী কৰে ।

ছিকিমৰ উত্তৰ মানগান জিলাৰ মিকমাৰ লেপচা (Mikmar Lepcha) এগৰাকী এই বাঁহৰ বটল তৈয়াৰ কৰা ব্যক্তি । তেওঁ ই টিভি ভাৰতক কয়, "বাঁহৰ সামগ্ৰীৰ লগতে খোৱাপানীৰ বটল বিগত ২০২০ বৰ্ষৰ পৰা প্ৰস্তুত কৰি আহিছোঁ । এই সামগ্ৰীসমূহ আত্মসহায়ক গোটসমূহে ক্ৰয় কৰি বিভাগৰ ষ্টলত পৰ্যটকৰ বাবে বিক্ৰী কৰো । এটা বটলৰ দাম ৪০০-৫০০ টকা পৰ্যন্ত ।"

মিকমাৰ লেপচা (ETV Bharat Assam)

খেচুপেৰী বাঁহঘৰ

আনহাতে, এগৰাকী বাঁহৰ সামগ্ৰী আৰু পানীৰ বটল নিৰ্মাণ কৰা পশ্চিম ছিকিমৰ ইন্দ্ৰকান্ত কাৰি লিম্বুয়ে ই টিভি ভাৰতক কয়, "ছিকিম চৰকাৰৰ সমান্তৰালভাৱে ব্যক্তিগতভাৱে নিৰ্মাণ কৰা জৈৱিক সামগ্ৰীৰ ব্যৱহাৰৰ বাবে প্ৰতিটো পৰ্যটন স্থানত বিশেষ ভূমিকা গ্ৰহণ কৰিছে । সেই স্থানসমূহত পৰ্যটকৰ বাবে প্লাষ্টিকৰ সামগ্ৰীৰ পৰিৱৰ্তে এইধৰণৰ বাঁহৰ বটল যোগান ধৰা হৈছে ।"

ইন্দ্ৰই এই সামগ্ৰী বিগত ২০১৬ চনৰ পৰা 'খেচুপেৰী বাঁহঘৰ' (Khechuperi Bamboo House) নামৰ কাৰিকৰী স্থানত তৈয়াৰ কৰা আৰম্ভ কৰিছে । বৰ্তমান তেওঁ এই সামগ্ৰী নিৰ্মাণৰ এটা কাৰখানালৈ ৰূপান্তৰ কৰে । দৈনিক কেইবাজনো লোকে নিৰ্মাণকাৰ্যত জড়িত হৈ আছে ।

বাঁহৰ আকৰ্ষণীয় বটল (ETV Bharat Assam)

ই টিভি ভাৰতৰ জৰিয়তে তেওঁৰ আহ্বান, "পৰ্যটকৰ দল ছিকিম ভ্ৰমণলৈ আহিলে যদি খোৱাপানীৰ বটল লৈ আহে তেন্তে ভুলতেও যাতে ৰাস্তাই-ঘাটে নেপেলায় ।" উল্লেখ্য যে পশ্চিম ছিকিমৰ বেইজিং জিলাৰ কাষতে থকা পৰ্যটকৰ আকৰ্ষণস্থলীসমূহৰ অন্যতম কাঞ্চনজংঘা আৰু অন্যান্য অঞ্চলত দৈনিক ৫০০-২০০০ লৈ পৰ্যটকৰ গাড়ীৰ আগমন ঘটে ।

তেওঁ এই লোকসকলক জৈৱিকভাৱে নিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰ আৰু প্লাষ্টিকৰ প্রয়োগ বন্ধ কৰিবলৈ আহ্বান জনায় । ছিকিম চৰকাৰে স্থানীয় উদ্যোগসমূহৰ লগত সমান্তৰালভাৱে এই প্লাষ্টিক বন্ধৰ বাবে কাম কৰি আহিছে । লগতে বাঁহৰ সঁজুলি আৰু বাঁহৰ পৰা নিৰ্মিত বটল আৰু অন্যান্য সামগ্ৰী প্ৰস্তুত কৰা কাৰখানাৰ বাবেও চৰকাৰে সহায় আগবঢ়াই আহিছে ।

বাঁহৰ আকৰ্ষণীয় বটল (ETV Bharat Assam)

ইন্দ্ৰই কয় যে ৰাজ্যখনত প্লাষ্টিকৰ প্ৰয়োগ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ চৰকাৰৰ সমান্তৰালভাৱে স্থানীয় লোকৰ সহযোগিতা যথেষ্ট পৰিমাণে আছে । পানীৰ বটলসমূহ ৫০০ মিলিলিটাৰৰ পৰা ১ লিটাৰলৈকে নিৰ্মাণ কৰা হৈছে । আনহাতে, কাঠৰ সমগ্ৰীৰেও বটল নিৰ্মাণ কৰিছে । কোনো ধৰণৰ গোন্ধ নাহিবলৈ বাঁহৰ বটলত ষ্টীল ব্যৱহাৰ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে ।

শিক্ষকৰ সজাগতা সৃষ্টি

এগৰাকী স্থানীয় লোক, পেছাত এগৰাকী শিক্ষক নৰসিংহ চুব্বাই (Narsingh Subba ) ই টিভি ভাৰতক জনায়, "ছিকিমত প্লাষ্টিক নিষিদ্ধ কৰিবলৈ চৰকাৰে ঘোষণা কৰাৰ সমান্তৰালভাৱে স্থানীয় লোকৰ অৱদানো আছে ।" চুব্বা শিক্ষকৰ উপৰি এজন ভাল ট্যুৰিষ্ট অপাৰেটৰ । তেওঁ কয়, "মোৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে কেতিয়াও প্লাষ্টিকৰ ব্যৱহাৰ নকৰে আৰু পৰ্যটকৰ দলসমূহকো সজাগতা সৃষ্টি কৰে ।"

তেওঁ লগতে কয়, "ছিকিম চৰকাৰে ২ লিটাৰৰ তলত প্লাষ্টিকৰ পানী বটল সম্পূৰ্ণ নিষিদ্ধ কৰিলে । কিন্তু 3 লিটাৰৰ পৰা ব্যৱহাৰ কৰিব পাৰে যদিও চৰকাৰে এক জৈৱিক পদ্ধতি অৱলম্বন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।"

প্লাষ্টিক ব্যৱহাৰৰ পৰিণতি

সমগ্ৰ দেশত প্লাষ্টিকৰ বাবে ভয়ানক প্ৰদূষণ হৈছে, পৰিৱেশ বিনষ্ট হৈছে, যিয়ে বন্যপ্ৰাণী, বাসস্থান আৰু মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । ই এক গুৰুতৰ বিশ্বজনীন বিষয় হিচাপে বিজ্ঞানীসকলে অৱগত কৰিছে । তথ্য অনুসৰি, প্লাষ্টিকৰ আৱৰ্জনা ২০১৫ চনলৈকে এতিয়ালৈকে উৎপাদিত সকলো প্লাষ্টিকৰ ৬০% আৱৰ্জনা হৈ পৰিছে । প্ৰতিবছৰে ১ কোটি ২০ লাখ টন পৰ্যন্ত প্লাষ্টিকৰ ধ্বংসাৱশেষ সাগৰত পৰে ।

ছিকিম এক আৰ্হি

প্লাষ্টিক বৰ্জন কৰাৰ লগতে অত্যন্ত গুৰুত্বপূৰ্ণ পৰ্যটন ৰাজ্য ছিকিমে লোৱা এই পদক্ষেপ সমগ্ৰ দেশতে ব্যৱহাৰ হ'লে সঘনাই সংঘটিত প্ৰদূষণ আৰু মাটিত পোতখাই থকা প্লাষ্টিকৰ আৱর্জনাৰ পৰা ভূমিস্খলন আদিৰ দৰে ঘটনা কিছু পৰিমাণে নিৰাময় হোৱাৰ সম্ভাৱনা আছে বুলি শিক্ষক নৰসিংহ চুব্বাই কয় ।

লগতে পঢ়ক :ৰেল পৰিবহণৰ ক্ষেত্ৰত কিদৰে ভাৰতৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হ’ল স্পেইন ?
লগতে পঢ়ক :কাজান ব্ৰিকছ সন্মিলনৰ পৰা কি লাভ হ'ল ভাৰতৰ ?

ABOUT THE AUTHOR

...view details