নেশ্যনেল ডেস্ক, ২৪ জানুৱাৰী :উত্তৰ প্ৰদেশৰ বৰেলীৰ কেণ্ট থানা অন্তৰ্গত সেনা শিবিৰত এজন জোৱানে সহযোগী কনিষ্টবলক ৰাইফলেৰে গুলীয়াই হত্যা কৰে । এই ঘটনাৰ পিচতে সেনা ইউনিটৰ ভিতৰচ’ৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । ইফালে এই ঘটনাৰ সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।
জানিব পৰা মতে, বৰেলীৰ কেণ্ট থানাৰ অন্তৰ্গত সেনাবাহিনীৰ ৬০৬ ইএমই বেটেলিয়নত সংঘটিত হৈছে এই কাণ্ড ৷ বেটেলিয়নত কনিষ্টবল হিচাপে কৰ্মৰত ৪০ বছৰীয়া কমল যোশীক ৰাইফলেৰে গুলীয়াই হত্যা কৰা হয় । চি অ’ চিটিয়ে জনোৱা মতে, কনিষ্টবল কমল যোশী অসমৰ বাসিন্দা আছিল ।
বিৱৰণি অনুসৰি, ছুটী অন্তত শনিবাৰে পুনৰ কৰ্মত যোগদান কৰিছিল অসমৰ কমল যোশীয়ে ৷ বেটেলিয়নৰ আন এজন কনিষ্টবল ৰাজেশ ৰত্নৰ লগত কোনো বিষয়ক লৈ কমল যোশীৰ বাক-বিতণ্ডা হয় । আনকি পৰৱৰ্তী সময়ত ৰাজেশ ৰত্নই গেটত থিয় হৈ থকা চকীদাৰৰ ৰাইফলটো কাঢ়ি লৈ কমল যোশীক গুলীয়াই হত্যা কৰে ।