অসম

assam

ETV Bharat / bharat

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰে প্ৰধানমন্ত্ৰী মোদীৰ 'মেলোদী' ভিডিঅ'ই লাভ কৰিছে চৰ্চা - Melodi moment - MELODI MOMENT

Melodi moment: শনিবাৰে এক্সত পোষ্টত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে তেওঁ আৰু প্ৰধানমন্ত্ৰী মোদীৰ কেইছেকেণ্ডমানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল আৰু কেপচন দিছিল, “মেলোদী দলৰ পৰা হেল্ল” । মেল’নীৰ এই ভিডিঅ’টো প্ৰধানমন্ত্ৰী মোদীয়েও হাঁহি হাঁহি কেমেৰালৈ চাই হাত জোকাৰে । সম্প্ৰতি ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত ভাইৰেল হৈছে এই ভিডিঅ’টো ৷

Melodi moment
মেলোদী' ভিডিঅ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 10:01 PM IST

নিউজ ডেস্ক, ১৫ জুন :শুকুৰবাৰে ইটালীত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে চেল্ফি তুলিছিল ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে । মেল’নীয়ে দৰ্শকক সম্ভাষণ জনোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়েও হাঁহি হাঁহি কেমেৰালৈ হাত জোকাৰে । ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰা সময়ত ইয়াৰ কেপচন দিছিল, “মেলোদী দলৰ পৰা হেল্ল” । “মেলোদী দলৰ পৰা হেল্ল” এই হেচটেগেৰে সম্প্ৰতি ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত ভাইৰেল হৈছে এই ভিডিঅ’টো ৷

ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ শলাগ লয় । প্ৰধানমন্ত্ৰীগৰাকীয়ে Xত মেল’নীৰ পোষ্টটো শ্বেয়াৰ কৰি কেপচন দিছিল, "ভাৰত-ইটালীৰ বন্ধুত্ব জীয়াই থাকক !" উল্লেখ্য যে, একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিচত এইটোৱেই আছিল প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম বিদেশ ভ্ৰমণ ।

লগতে পঢ়ক:জি-৭ সন্মিলনত বিশ্ব নেতাসকলৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ - PM Modi Italy Visit

উল্লেখ্য যে, বিগত বৰ্ষত দিল্লীত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনত আৰু তাৰ পিচত ডুবাইত অনুষ্ঠিত হোৱা চি অ’ পি ২৮ (COP28)ত দুয়োগৰাকী নেতাৰ মাজত বন্ধুত্ব বিশেষভাৱে চৰ্চিত হৈ আহিছে । ডুবাইত অনুষ্ঠিত হোৱা COP28ৰ পিচত শীৰ্ষ সন্মিলনৰ পৰা দুয়োগৰাকী নেতাই চেল্ফি ক্লিক কৰিছিল ।

মেল’নীয়ে সেই সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তোলা ফটোখন মেল’দী হেচটেগেৰে Xত শ্বেয়াৰ কৰি লিখিছিল, “গুড ফ্ৰেণ্ড এট চিঅ’পি ২৮” ।

প্ৰধানমন্ত্ৰী মোদী আৰু মেল’নীৰ বৈঠক:

ইটালীত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে মেল’নীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ দুয়োখন দেশৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ বিষয়ে আলোচনা কৰে । বৈঠক সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক আনুষ্ঠানিক বিবৃতিত কয়, ‘দুয়োপক্ষই দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ বিষয়ে আলোচনা কৰি প্ৰতিৰক্ষা উদ্যোগিক সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক বৈঠক - G7 Summit

ভাৰত-ইটালী কৌশলগত অংশীদাৰিত্বৰ পৰ্যালোচনা:

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালীৰ অভিযানত ভাৰতীয় সেনাবাহিনীৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে ইটালী চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি ইটালীৰ মণ্টোনত থকা যশৱন্ত গাডজে স্মৃতিসৌধ ভাৰতে উন্নীত কৰিব বুলি কয় । প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ ইটালীৰ সমকক্ষই নিয়মীয়া উচ্চ পৰ্যায়ৰ ৰাজনৈতিক আলোচনাত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ভাৰত-ইটালী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে ।

মেল’নীৰ নিমন্ত্ৰণত ইটালীলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী:

উল্লেখ্য যে, ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নীৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিছিল । জি-৭ সন্মিলনত ভাৰতৰ ১১ সংখ্যক আৰু প্ৰধানমন্ত্ৰী মোদীয়ে একেৰাহে পঞ্চমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক:ইটালীৰ প্ৰধানমন্ত্ৰীৰে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ বিষয়ে আলোচনা প্ৰধানমন্ত্ৰী মোদীৰ - G7 Summit

ABOUT THE AUTHOR

...view details