নেশ্যনেল ডেস্ক, 18 জুন :নতুন দিল্লীৰ পৰা ডুবাই অভিমুখে উৰা মৰা এখন বিমানত বোমা থকাৰ খবৰে সৃষ্টি কৰে আতংকৰ ৷ সোমবাৰে নতুন দিল্লীস্থিত ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ কৰ্তৃপক্ষই ই-মেইলৰ জৰিয়তে এই খবৰ লাভ কৰাৰ পিছতে একপ্ৰকাৰ আলোড়নৰ সৃষ্টি হয় ৷
দিল্লী আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, সোমবাৰে পুৱা প্ৰায় 9.30 বজাত এই খবৰ লাভ কৰে বিমানবন্দৰ কৰ্তৃপক্ষই ৷ ই-মেইলত উল্লেখ কৰা অনুসৰি, দিল্লী-ডুবাই অভিমুখী এখন বিমানত ৰখা হৈছে বোমা ৷ এই খবৰ লাভৰ পিচতে সুৰক্ষাকৰ্মীৰ দলে বিমানখনত তন্ন-তন্নকৈ তালাচী চলাই যদিও তেনে কোনো সন্দেহজনক সামগ্ৰী লাভ কৰিবলৈ সক্ষম নহ’ল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই ই-মেইল ভুৱা বুলি নিশ্চিত কৰে ৷
লগতে পঢ়ক:বিমানবন্দৰত বোমাৰ আতংক, এজন গ্ৰেপ্তাৰ - Bomb threat email
কেইদিনমান পূৰ্বেও দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অনুৰূপ ঘটনা ঘটিছিল ৷ গন্তব্যস্থানলৈ উৰা মাৰিবলৈ লোৱা প্ৰায় ছয়খনকৈ বিমানে এনেদৰে ভুৱা ফোনকল লাভ কৰিছিল, য’ত বিমানত বোমা থকা বুলি উল্লেখ কৰা হৈছিল ৷ শেহতীয়াকৈ কানাডালৈ উৰা মৰা এখন বিমানেও বোমাৰ ভাবুকি লাভ কৰিছিল । তাৰ পিচত আৰক্ষীয়ে এয়া এগৰাকী 13 বছৰীয়া কিশোৰৰ কাণ্ড বুলি চিনাক্ত কৰি কিশোৰটোক আটক কৰে ৷
লগতে পঢ়ক:Suspicious grenade recovered: যোৰহাটত সেনাৰ চাউনীত বোমা বিস্ফোৰণৰ পাছতে তিনিচুকীয়াতো বোমাৰ আতংক