নতুন দিল্লী :শনিবাৰে ত্ৰিপুৰা ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ জানিব পৰা মতে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ‘ব্ৰু’ জনগোষ্ঠীয় লোকৰ বসতিপূৰ্ণ এলেকা (Bru settlement areas) ভ্ৰমণ কৰিব ৷ লগতে তেওঁ উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ (72nd plenary session of the North East Council) উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশ ল’ব ।
গৃহমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণৰ সময়ত আগৰতলাত NEC (North East Council)ৰ বৈঠকত কৰিব, য’ত অঞ্চলটোৰ উন্নয়নমূলক ৰোডমেপ, আন্তঃগাঁথনি প্ৰকল্প আৰু সংযোগ, পৰ্যটন আৰু উদ্যোগীকৰণৰ প্ৰসাৰৰ পদক্ষেপসমূহৰ ওপৰত আলোচনা হ’ব বুলি আশা কৰা হৈছে । ১৯৭১ চনত স্থাপিত NEC-এ উত্তৰ-পূবৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে এক মূল পৰামৰ্শদাতা সংস্থা হিচাপে কাম কৰি আছে ।
সংবাদ সংস্থা ANIৰ বাতৰিত প্ৰকাশিত অনুসৰি, এই বৈঠকত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়া, ৰাজ্যপাল, মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰি অঞ্চলটোৰ সামগ্ৰিক অগ্ৰগতি নিশ্চিত কৰাৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱনা আছে ।
ইয়াৰ পিছত তেওঁ আগৰতলাত নৰ্থ ইষ্ট বেংকাৰ কনক্লেভ ২.০ ত অংশগ্ৰহণ কৰাৰ লগতে উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ (North Eastern Space Application Centre চমুকৈ NESAC) দ্বাদশ বৈঠকতো অংশগ্ৰহণ কৰিব । NESAC ক হৈছে মহাকাশ বিভাগ (DOS) আৰু NEC ৰ যৌথ পদক্ষেপ, যিটো ২০০০ চনৰ ৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল । ইয়াৰ লক্ষ্য হৈছে উন্নত মহাকাশ প্ৰযুক্তিৰ সহায় আগবঢ়াই অঞ্চলটোৰ উন্নয়ন প্ৰক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰা ।
বছৰ বছৰ ধৰি স্থানচ্যুতিৰ অন্তত ত্ৰিপুৰাত সংস্থাপিত হোৱা ব্ৰু সম্প্ৰদায়ৰ পুনৰ সংস্থাপন স্থানসমূহো পৰিদৰ্শন কৰিব মন্ত্ৰীগৰাকীয়ে । এই ভ্ৰমণৰ জৰিয়তে ২০২০ চনত স্বাক্ষৰিত ঐতিহাসিক ব্ৰু-ৰিয়াং চুক্তিৰ সফল ৰূপায়ণৰ বাবে চৰকাৰৰ প্ৰচেষ্টাক আলোকপাত কৰা হৈছে, যাৰ লক্ষ্য স্থানচ্যুত জনগোষ্ঠীক স্থায়ী বসতি আৰু জীৱিকাৰ সুযোগ প্ৰদান কৰা ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ এই ত্ৰিপুৰা ভ্ৰমণে উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁথনি, সাংস্কৃতিক সংহতি আৰু সংঘাত সমাধানৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৰ্ধিত মনোযোগৰ সাক্ষী হ’ব ৷ বৈঠকৰ ফলাফল আৰু অঞ্চলটোত শ্বাহৰ পাৰস্পৰিক ক্ৰিয়া-কলাপে ত্ৰিপুৰা আৰু বহল উত্তৰ-পূবত দীৰ্ঘম্যাদী প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ।(ANI)