ইণ্টাৰনেশ্যনেল ডেস্ক, 13 আগষ্ট:চুবুৰীয়া বাংলাদেশৰ পৰিস্থিতি অশান্ত হৈ পৰাৰ পাচতে ভাৰত-বাংলাদেশ সীমান্তত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ তৎস্বত্বেও অশান্ত হৈ পৰা পৰিলক্ষিত হৈছে ভাৰত-বাংলাদেশ সীমান্ত ৷ নিছিদ্ৰ নিৰাপত্তাকো নেওচি দেশখনৰ বহুলোকে ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা অব্যাহত ৰখাও পৰিলক্ষিত হৈছে ৷
সোমবাৰে বি এছ এফৰ এক বিবৃতিযোগে জনাই যে পশ্চিম বংগৰ মালদা জিলাৰ ভাৰত-বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে গুলীচালনা কৰাৰ ফলত এজন বাংলাদেশী সৰবৰাহকাৰী নিহত হয় ।
বি এছ এফে এক বিবৃতিযোগে কয়, "11-12 আগষ্টৰ মাজনিশা মালদা জিলাৰ ভাৰত-বাংলা সীমান্তত চান্দনী চ’ক সীমান্ত আউটপোষ্টৰ সমীপত সংঘটিত হয় এই ঘটনাটো । অঞ্চলটোত টহল দি থকা এজন বি এছ এফৰ জোৱানে ভাৰতৰ ফালৰ পৰা বাংলাদেশ অভিমুখে মূৰত সামগ্ৰী কঢ়িয়াই যোৱা 5-6 জন ব্যক্তিক পৰ্যবেক্ষণ কৰে । জোৱানজনে দ্ৰুতগতিত তেওঁলোকক বাধা দিবলৈ যত্ন কৰে আৰু চোৰাংচোৱাকেইজনক ৰ'বলৈ কয় । জোৱানৰ নিৰ্দেশক আওকাণ কৰি আন এটা চোৰাংচোৱাৰ দলে চোকা অস্ত্ৰৰে জোৱানক আক্ৰমণ কৰে আৰু আত্মৰক্ষাৰ স্বাৰ্থত জোৱানজনে 2 জাঁই গুলী নিক্ষেপ কৰে ৷"