নেশ্যনেল ডেস্ক,২৬ মাৰ্চ :দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে ৰাজধানী চহৰত প্ৰতিবাদ অব্যাহত ৰাখিছে । প্ৰতিবাদৰ অংশ হিচাপে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে দলটোৱে । দিল্লীৰ মন্ত্ৰী তথা আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে দলৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে ।
ইফালে আম আদমি পাৰ্টীয়ে প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ আহ্বান জনোৱাৰ পিচতে দিল্লী আৰক্ষীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে ।
দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে আন এক কাৰ্যসূচীৰ কথা উল্লেখ কৰি কয় যে অহা শনিবাৰে পুৱা ১০ বজাত আপৰ সকলো বিধায়ক, কাউঞ্চিলাৰ, কাৰ্যালয়ৰ বিষয়া, ইণ্ডিয়া ব্লকৰ প্ৰতিনিধিসকলে গণতন্ত্ৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি ল'ব । নেতাসকলে শ্বহীদী উদ্যানত একত্ৰিত হ'ব । ৰায়ে কৈছিল যে দেশজুৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।