নতুন দিল্লী :প্ৰচণ্ড শীতৰ কবলত উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য । নতুন দিল্লীত মৃত্যুদূতৰ ৰূপ লৈছে শীতে । বেচৰকাৰী সংগঠন চেণ্টাৰ ফৰ হোলিষ্টিক ডেভেলপমেণ্ট (চি এইচ ডি)ৰ মতে দিল্লীত ২০২৪ চনৰ ১৫ নৱেম্বৰৰ পৰা ২০২৫ চনৰ ১০ জানুৱাৰীৰ ভিতৰত প্ৰচণ্ড শীতৰ বাবে বহু গৃহহীন লোকৰ মৃত্যু হৈছে । সংগঠনটোৰ মতে এই সময়ছোৱাত ৪৭৪ জন গৃহহীন লোকৰ মৃত্যু হৈছে ।
প্ৰতিদিনে প্ৰায় ৮ গৰাকী লোকৰ মৃত্যু !
যদি সংগঠনটোৱে প্ৰদান কৰা এই তথ্য সঠিক হয় ইয়াৰ অৰ্থ হৈছে প্ৰতিদিনে দিল্লীত ঠাণ্ডা আৰু অন্যান্য শীতকালীন প্ৰত্যাহ্বানৰ বাবে কমেও ৮ গৰাকী গৃহহীন লোকে প্ৰাণ হেৰুৱাইছে ।
জিলাভিত্তিত মৃত্যুৰ সংখ্যা (CHD) পত্ৰৰ জৰিয়তে প্ৰশাসনক অৱগত
চি এইচ ডিৰ কাৰ্যবাহী সঞ্চালক সুনীল কুমাৰ আলেদিয়াই শনিবাৰে দিল্লীৰ মুখ্য সচিব ধৰ্মেন্দ্ৰ সিং আৰু দিল্লী নগৰ আশ্ৰয় উন্নয়ন ব'ৰ্ডৰ (ডি ইউ এছ আই বি) মুখ্য কাৰ্যবাহী বিষয়ালৈ এখন পত্ৰ লিখি এনে গৃহহীন লোক মৃত্যু প্ৰতিৰোধৰ পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনাইছে । ইয়াৰ লগতে এই লোকসকলক আৱাস আৰু আৰ্থ-সামাজিক সুৰক্ষা প্ৰদান কৰাৰ বাবেও দাবী উত্থাপন কৰিছে ।
সংগঠনটোৱে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ বিনয় কুমাৰ চাক্সেনা, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী, স্বাস্থ্য মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ লগতে সকলো জিলাৰ ডি এম আৰু ডি চি পিলৈও পত্ৰখনৰ একোটা প্ৰতিলিপি প্ৰেৰণ কৰিছে । পত্ৰখনৰ জৰিয়তে স্বেচ্ছাসেৱী সংগঠনটোৱে সকলো জিলাতে মৃত্যুৰ পৰিসংখ্যাও দিছে ।
কি আছে পত্ৰখনত ?
ই টিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি, "গৃহহীনসকলৰ মৃত্যুৰ চৰকাৰী পৰিসংখ্যাৰ অভাৱে পৰিস্থিতিৰ গুৰুত্ব বঢ়াইছে, তথাপিও বিশেষজ্ঞসকলে অনুমান কৰিছে যে দিল্লীত প্ৰায় ৮০ শতাংশ 'অচিনাক্ত মৃতদেহ'(আৰক্ষীৰ তথ্যৰ পৰা আহৰণ কৰা হৈছে: http://zipnet.in/) গৃহহীন ব্যক্তিৰ, যি এই সংকটৰ গুৰুত্ব বৃদ্ধি কৰিছে ।"
সংগঠনটোৱে প্ৰদান কৰা তথ্য অনুসৰি ৪৭৪ টা মৃত্যুৰ ভিতৰত চবজি মাণ্ডি, আনন্দ বিহাৰ, নতুন দিল্লী, হজৰত নিজামুদ্দিন, চাৰাই ৰোহিল্লা, দিল্লী কেণ্ট আৰু মেট্ৰ' অঞ্চলত ১০০ টা মৃতদেহ পোৱা গৈছে । এই অঞ্চলবোৰ ৰাষ্ট্ৰীয় ৰাজধানীত ক্ৰাইম এণ্ড ৰে'ল পুলিচ জিলাৰ অন্তৰ্গত ।
গৃহহীন লোকসকলৰ জীৱন সংগ্ৰামৰ কথা বৰ্ণনা কৰি সংগঠনটোৱে লিখিছে : "শীতকালত দিল্লীৰ গৃহহীন লোকসকলৰ ওপৰত তীব্ৰ প্ৰভাৱ পৰে, যাৰ ফলত মৃত্যু আৰু ৰোগৰ হাৰ উদ্বেগজনক হয় । পদপথত বাস কৰা লোকসকলৰ বাবে শীতৰ নিশা অতি কষ্টকৰ আৰু বহুতো স্বাস্থ্যজনিত সমস্যাৰ কাৰক হয়, যাৰ ভিতৰত আছে শ্বাসতন্ত্ৰৰ সংক্ৰমণ, ছালৰ ৰোগ, আৰ্থ্ৰাইটিছৰ সমস্যা আৰু মানসিক স্বাস্থ্যৰ অৱনতি । ক্ৰ'নিক ৰোগ যেনে স্বাস প্ৰশ্বাসজনিত, হৃদৰোগ, চৰ্দি আদি অধিক বৃদ্ধি হয়, যাৰ ফলত বহুতো গৃহহীন লোক গুৰুতৰ সমস্যা আৰু আনকি মৃত্যুৰ সন্মুখীন হয় । ইয়াৰ উপৰিও সামাজিকভাৱে বিচ্ছিন্ন আৰু অপৰ্যাপ্ত আশ্ৰয়ৰ অভাৱে শীতৰ সময়ত মানসিকভাৱে হতাশা হৈ পৰে ।"
পত্ৰখনত গৰম কাপোৰ, কম্বল আৰু পৰ্যাপ্ত আশ্ৰয়ৰ দৰে মৌলিক সুৰক্ষামূলক ব্যৱস্থাৰ অভাৱৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । যাৰ ফলত গৃহহীন লোকসকলৰ মাজত মৃত্যুৰ আশংকা বৃদ্ধি পাইছে ।
পত্ৰখনত এইদৰে কোৱা হৈছে, "চহৰখনৰ বহুতো আশ্ৰয়স্থলে চাহিদা পূৰণ কৰিবলৈ অক্ষম আৰু যিবোৰ উপলব্ধ সেইবোৰত প্ৰায়ে গৰমৰ ব্যৱস্থা বা গৰম পানীৰ দৰে অত্যাৱশ্যকীয় সুবিধাৰ অভাৱ থাকে, যাৰ ফলত লোকসকল ঠাণ্ডাৰ সন্মুখীন হয় ।"
দীনদয়াল ৰাষ্ট্ৰীয় নগৰ জীৱিকা মিছন (এন ইউ এল এম-এছ ইউ এইচ) আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা (পি এম এ ৱাই)ৰ দৰে নীতি স্বত্বেও, পৰিচয় নথি পত্ৰ আৰু স্থায়ী ঠিকনাৰ অভাৱৰ বাবে গৃহহীন লোকসকলক প্ৰায়ে বাদ দিয়া হয় ।
সংগঠনটোৱে চৰকাৰক শীতকালত গৃহহীন লোকসকলক সুৰক্ষিত কৰাৰ বাবে এক ব্যাপক পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়, যাৰ ভিতৰত আছে আশ্ৰয়স্থলৰ ক্ষমতা বৃদ্ধি কৰা, গৰম পানী আৰু সুৰক্ষামূলক পোছাকৰ যোগান নিশ্চিত কৰা আৰু অন্তৰ্ভুক্ত গৃহ নীতি আৰু সমৰ্থন সেৱাৰ জৰিয়তে গৃহহীনতাৰ মূল কাৰণবোৰ সমাধান কৰা ।
লগতে পঢ়ক :ৰামোজী ফিল্ম চিটীত ব্ৰহ্মকুমাৰীৰ আধ্যাত্মিক সন্মিলন - BRAHMA KUMARIS SPIRITUAL CONFERENCE