নিউজ ডেস্ক, 31 মে’: ড্ৰাগছ, গাঞ্জা আদি নিষিদ্ধ দ্ৰব্যৰ বেপাৰ কৰি বিভিন্ন সময়ত আৰক্ষীৰ জালত পৰা বাতৰি লাভ কৰা যায় ৷ কিন্তু মাতৃদুগ্ধৰ ৰমৰমীয়া বেহাৰ বাতৰি স্বাভাৱিকতেই আচহুৱা ৷ কিন্তু জানি আচৰিত হ’ব যে মাতৃদুগ্ধৰ বেপাৰ কৰিও বহুলোক মাজে-সময়ে আৰক্ষীৰ আলহী হ’বলগীয়া হয় ৷
তেনে এক বাতৰি আহিছে চেন্নাইৰ পৰা ৷ এখন ফাৰ্মাচীত চলাই অহা হৈছিল মাতৃদুগ্ধৰ বেপাৰ ৷ চেম্বিয়ান মুথিয়াই নামৰ লোক এজনে চেন্নাইৰ এখন ঔষধৰ দোকানত চলাই আছিল এই বেপাৰ ৷ বটলত মাতৃদুগ্ধ বিক্ৰী কৰা থকাৰ খবৰ লাভ কৰিলে খাদ্য সুৰক্ষা বিভাগে ৷ খবৰ লাভৰ পিচতে ঔষধ দোকানখনত বিভাগে তালাচী চলাই খবৰৰ সত্য প্ৰমাণ কৰে ৷
ঔষধ দোকানখনৰ ফ্ৰীজত পোৱা যায় ২০০ তকৈও অধিক বটল মাতৃদুগ্ধ ৷ ব্যৱসায়ৰ বাবে এই বৃহৎ পৰিমাণৰ মাতৃদুগ্ধ কাৰ পৰা কেনেকৈ লাভ কৰা হৈছিল তাৰ অনুসন্ধান চলাইছে খাদ্য সুৰক্ষা বিভাগে ৷