Russia Ukraine War: পৰিয়ালক লৈ চিন্তিত অসমত বসবাস কৰা ইউক্ৰেইনৰ এগৰাকী জীয়ৰী - Ukraine daughter and Assam daughter in law
🎬 Watch Now: Feature Video
ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধক(Russian Ukraine war) লৈ চিন্তিত হৈ পৰিছে এগৰাকী অসমীয়া বোৱাৰী ৷ ছাত্ৰাৱস্থাত হোৱা প্ৰেমৰ ফলত চিৰাং জিলাৰ ছাতিপুৰ গাঁৱৰ ফেশ্বন ডিজাইনাৰ ছফিউৰ ৰহমানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ডাঃ এনাস্থিয়া ৰহমান (Dr. Anastasiia Mosiiash) । ডাঃ এনাস্থিয়া ৰহমানৰ ঘৰ ইউক্ৰেইনত ৷ সম্প্ৰতি বোৱাৰী হৈ চিৰাঙত বসবাস কৰা এনাস্থিয়া ইউক্ৰেইন যুদ্ধৰ বাবে পৰিয়ালক লৈ চিন্তিত হৈ পৰিছে । তেওঁ ইউক্ৰেইনত থকা পিতৃ-মাতৃৰ সৈতে নিতৌ কথা পাতে তাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত । ৰাষ্ট্ৰখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰত বিতংভাৱে জনালে এনাস্থিয়াই । দূতাবাসৰ নিষেধাজ্ঞা থকাৰ বাবে কিছু কথা মুকলিকৈ কোৱাত অসুবিধাৰ কথাও জনায় এনাস্থিয়াই ।
Last Updated : Feb 3, 2023, 8:17 PM IST