ক'ভিড সজাগতা সৃষ্টিৰ উদ্দেশ্যে যোৰহাটৰ ৰাজপথত মহিলাৰ ফুট মাৰ্চ - Women goes on foot march at Jorhat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12472018-thumbnail-3x2-p1.jpg)
যোৰহাট জিলাত ক্ৰমাৎ অৱনতি হোৱা ক'ভিড পৰিস্থিতি ৰোধৰ বাবে জিলা প্ৰশাসনে যৎপৰোনাষ্টি চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে ৷ এইবাৰ ক'ভিডৰ পৰিস্থিতিৰ বিষয়ে সজাগতা সৃষ্টি কৰিবৰ বাবে যোৰহাট জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মহিলা সকলে এক ফুট মাৰ্চ বাহিৰ কৰে ৷ বৃহস্পতিবাৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰৰ নেতৃত্বত বাহিৰ কৰা ফুট মাৰ্চটো ৷ চহৰখনৰ আটিলিয়া গাঁৱৰ মাজেৰে পৰিভ্ৰমণ কৰি গাঁওবাসীৰ মাজত কভিড-19 ৰ বিষয়ে সজাগতা অনাৰ চেষ্টা চলায় ফুট মাৰ্চত অংশগ্ৰহণকাৰী সকলে ৷ লগতে ৰাইজক ক'ভিড যুদ্ধত প্ৰশাসনক সহযোগ কৰিবৰ বাবেও আহ্বান জনায় দলটোৱে ৷ তদুপৰি জ্বৰ-কাহত ভোগী থকা কোনো লোককে যাতে ব্যক্তিগত চিকিৎসকে কোনো ধৰণৰ ঔষধ প্ৰদান নকৰে সেই বিষয়েও সকীয়াই দিয়ে ৷