Women football: টিহু মহিলা ফুটবল একাদশৰ জয়লাভ

By

Published : Oct 10, 2022, 2:05 PM IST

thumbnail

বৰপেটাৰোডৰ কাটাঝাৰ পাথাৰ আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত কাটাঝাৰত এখনি মহিলা ফুটবল খেল অনুষ্ঠিত হয়(Women football in barpeta road) । কাটাঝাৰ পাথাৰ ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত টিহু আৰু বৰপেটাৰোড মহিলাৰ ফুটবল দলে অংশ গ্ৰহণ কৰে(Barpeta football team) ৷ উত্তেজনাপূৰ্ণ খেলখনত টিহু মহিলা ফুটবল একাদশে বৰপেটাৰোড মহিলা ফুটবল একাদশক ৩-১ গলৰ ব্যৱধানত পৰাজিত কৰে ৷ সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হোৱা খেলখনক লৈ মহিলা সকলক খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেই এই খেলৰ আয়োজন কৰা বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷ ইপিনে জৰাজীৰ্ণ অৱস্থাত থকা ষ্টেডিয়ামখন পুণৰ নিৰ্মাণ কৰাৰ বাবে বিভাগীয় মন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰক আহ্বান জনাইছে উদ্যোক্তা সমিতিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.