কমলপুৰত পানী যোগান আঁচনি কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিগন্ত কলিতাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 11, 2021, 9:53 PM IST

কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজ্যৰ জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিসমূহ এতিয়া বগাহাতীত পৰিণত হৈছে ৷ বৰষুণলৈ বাট চাই থাকিব লগীয়া হৈছে কমলপুৰৰ গঞাই । বৰষুণ নহ'লে মাটি ছন পৰাৰ উপক্ৰম খেতিয়ক ৰাইজৰ । কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাইপাট গাঁৱত অৱস্থিত পানী যোগান আঁচনি থাকিও নাইকীয়া অৱস্থা । ২কোটি ৮০ লাখ টকা ব্যয় সাপেক্ষে চাৰি বছৰ পূৰ্বে নিৰ্মাণ কৰা এই আঁচনি খনৰ পৰা উপকৃত নহ'ল কৃষক ৰাইজ । গাঁৱৰ ৰাইজে নাপালে এটোপালো পানী । জহি খহি যোৱাৰ উপক্ৰম হৈছে পানী যোগান আঁচনিখন ৷ বিভাগটোৰ পৰা ৰঙিয়া সংমণ্ডলৰ উচ্চপদস্থ বিষয়া সহিতে পৰিদৰ্শন কৰে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই । অচিৰেই বন্ধ হৈ থকা এই আঁচনিখন কাৰ্যক্ষম কৰিবলৈ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে । তদুপৰি বিধায়ক গৰাকীয়ে সমষ্টিৰ অন্তৰ্গত কেইবাখনো বন্ধ হৈ থকা আঁচনিৰ লগতে মধ্য গভীৰ সৌৰ শক্তি চালিত নলীনাদ আঁচনিও পৰিদৰ্শন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.