পুনৰ বানত বুৰিল নাৰায়ণপুৰৰ কেইবাখনো গাঁও - Several villages in Narayanpur have been flooded
🎬 Watch Now: Feature Video
বাৰিষাৰ পূবেই পুণৰ বানত বুৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কেইবাখনো গাঁও(Several villages in Narayanpur have been flooded) । শনিবাৰে নিশাৰেপৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত খৰস্ৰোতা দ্ৰোপাং, দিহিৰি আৰু পিচলা নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে গাঁওসমূহ ৷ অৰুণাচল পাহাৰ আৰু উপকন্ঠ অঞ্চলত বৰষুণ বৃদ্ধি পোৱাৰ ফলত দ্ৰোপাং নৈয়ে কঢ়িয়াই অনা ঢলে গাঁওখনত বানৰ সৃষ্টি কৰি আহিছে ৷ নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত তাতিবাহাৰ , পিচলাপাৰ , আঠানীবাৰী , মাঘনোৱা , যমনগৰ , আদি কেইবাখনো গাওঁ বৰ্তমান বানৰ কবলত পৰিছে ৷ প্ৰতিবছৰে নৈকেইখনে সৃষ্টি কৰা বানপানী সমস্যা আজিও সমাধান নহ’ল ৷ বিগত এক দশকৰো অধিক কাল লক্ষীপুৰ গাঁওখনকে ধৰি তাতিবাহাৰ ৰাজহ গাঁও নৈদুখনৰ বাঢ়নী পানীত বছৰটোৰ অধিকাংশ সময় জলমগ্ন হৈ আহিছে ৷ এইবাৰো ভৰ বাৰিষাৰ পূৰ্ৱেই আৰম্ভ হৈছে বানপানী ৷