Rangali bihu in Assam: ঐতিহাসিক আউনীআটী সত্ৰত 369 বছৰীয়া পৰম্পৰাৰে উদযাপন বোকাখেল - শৰীৰত মাটিৰ লেপন লগালে নিৰাময় হয় চালৰ ৰোগ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 15, 2022, 11:35 AM IST

অসমীয়া নৱবৰ্ষৰ পহিলা দিনটোত(Rangali Bihu 2022) ঐতিহাসিক আউনীআটী সত্ৰত 369 বছৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হৈছে বোকাখেল(Traditional boka khel observed in Majuli)। পুৱাৰে পৰা কণ কণ বৈষ্ণৱৰ পৰা আৰম্ভ কৰি যুৱ বৈষ্ণৱ সকলো ওলাই আহিল ভূমিত লুতুৰী পুতুৰী হৈ বোকাখেল খেলিবলৈ । ‘ভূমিক শান্তিৰ প্ৰতীক’ হিচাপে গণ্য কৰি ৰোগ নিৰাময়ৰ বাবে শৰীৰত ভূমি লেপন কৰে বুলি আছে এক লোকবিশ্বাস । সেয়ে প্ৰাচীন পৰম্পৰাৰে মাজুলীত প্ৰতিবছৰে আয়োজন কৰা হয় এই বোকাখেল । সেই উদ্দেশ্যে পূৰ্বৰ দৰে সত্ৰৰ চাৰিহাটীৰ প্ৰায় 2 শতাধিক বৈষ্ণৱ ভকতসকলে পুৱা ওলাই আহি বোকাখেলৰ আনন্দ উপভোগ কৰা পৰিলক্ষিত হয় । কেৱল সত্ৰতে নহয়, সত্ৰসমূহক কেন্দ্ৰ কৰি গাঁওসমূহতো অনুষ্ঠিত হয় বোকাখেল । শুকুৰবাৰে পুৱাই মাজুলীৰ গাঁৱে গাঁৱে বোকাখেলৰ আনন্দ লোৱা পৰিলক্ষিত হয় ডেকা গাভৰু আবাল বৃদ্ধ মহিলাকো ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.